নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ ঘন জংঘলৰ পৰা স্ব–গৃহত ৰিতুল

নিয়মীয়া বাৰ্তা, ২৩ মেঃ দীর্ঘ ৩২ দিনীয়া উৎকণ্ঠা আৰু অনিশ্চয়তাৰ অন্ত পেলাই অৱশেষত আজি পৰিয়ালৰ কাষত উপস্থিত হ’ল অ’ এন জি চিৰ অপহূত কর্মচাৰী বৰহোলাৰ ৰিতুল শইকীয়া৷ ম্যানমাৰৰ ছাগায়িং উপত্যকাৰ দুর্গম অৰণ্যৰ মাজত থকা শিবিৰৰ পৰা আলফা (স্বাঃ)–এ সোঁশৰীৰে মুকলি কৰি দিয়াৰ পাছত শনিবাৰে ম্যানমাৰ সীমান্ত পাৰ হৈ নাগালেণ্ডৰ মন জিলাৰ লংৱাত প্রৱেশ কৰে ৰিতুল শইকীয়াই৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰিতুল শইকীয়াক মুক্তি দিবলৈ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ দায়িত্বশীল তথা বস্তুনিষ্ঠ আহ্বানৰ প্রতি তাৎক্ষণিক সঁহাৰি জনাই অপহূত ৰিতুল শইকীয়াক সুস্থ শৰীৰে মুকলি কৰি দিব বুলি পৰেশ বৰুৱাই ঘোষণা কৰাৰ পাছত শনিবাৰে ম্যানমাৰ পাৰ হৈ অসমত ভৰি দিলে অপহূত অ’ এন জি চিৰ কর্মচাৰীজনে৷

তথ্য অনুসৰি নগা বিদ্রোহী সংগঠন এন এছ চি এন (কে)ৰ সহযোগত ঘন জংঘলৰ লুংলুঙীয়া পথেৰে আলফা (স্বাঃ)ৰ সশস্ত্র কেডাৰে ইণ্ডো–ম্যানমাৰ সীমান্তত থকা নাগালেণ্ডৰ লংৱাত গাঁৱত ৰিতুল শইকীয়াক এৰি যোৱাৰ পাছত আজি পুৱা আছাম ৰাইফলছ আৰু ভাৰতীয় সেনাবাহিনীৰ দলে তেওঁক সুস্থ শৰীৰে উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়৷ লগে লগে ৰিতুল শইকীয়াক নাগালেণ্ডৰ মন জিলাৰ সদৰ আৰক্ষী থানালৈ অনা হয় আৰু তাতেই স্বাস্থ্য পৰীক্ষা, ক’ভিড টেষ্ট কৰাৰ লগতে নাগালেণ্ড আৰক্ষী আৰু ভাৰতীয় সেনাই যাৱতীয় সোধা–পোছা কৰে৷ দীর্ঘদিন ধৰি অপহূত অৱস্থাত থকা ৰিতুল শইকীয়াই ঘন জংঘলৰ মাজেৰে যোৱা কেইবাটাও দিন খোজকাঢ়ি আহি অসমত উপস্থিত হোৱাৰ পাছত অতি ভাগৰুৱা দেখা গ’ল৷ এই অৱস্থাতে সাংবাদিকক ৰিতুল শইকীয়াই কয়– মোক যে তেওঁলোকে মোকলাই দিলে আৰু ভালে ভালে যে মই আহিব পাৰিলোঁ, তাৰ বাবে সকলোকে ধন্যবাদ৷ শিলত পৰি মই ভৰি আৰু হাতত দুখ পাইছোঁ৷ কেইবাদিনো খোজ কাঢ়িছোঁ৷ ঘৰখন বহু দিন দেখা নাই বাবে মনটো বেয়া লাগিছে৷ মোৰ কণমানিটোলৈ বৰ মনত পৰিছে৷ ঘৰত গৈ সকলো কথা ক’ম৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বানৰ পাছতেই সুদীর্ঘ ৩২ দিনৰ পাছত শনিবাৰে পুৱা ৭.১০ বজাত ম্যানমাৰ সীমান্ত হৈ নাগালেণ্ডত উপস্থিত হোৱা ৰিতুল শইকীয়াৰ মুক্তিৰ খবৰ পুৱাতে লাভ কৰাৰ পাছতেই বৰহোলাৰ নঙলাগাঁৱৰ তেওঁৰ ঘৰখনত বৈছে আনন্দৰ বন্যা৷ যোৱা ২১ এপ্রিলৰ পুৱতিনিশা চৰাইদেউ জিলাৰ লাকুৱা তৈলক্ষেত্রৰ ৮নং জি জি এছৰ সমীপৰ এটা তৈলখাদৰ পৰা আলফা (স্বাঃ)ৰ পাঁচজনীয়া অস্ত্রধাৰী দল এটাই অ’ এন জি চিৰ আন দুই বিষয়া–কর্মচাৰী ক্রমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে ৰিতুল শইকীয়াক অপহৰণ কৰিছিল৷ পৰৱর্তী কালত ২৪ এপ্রিলৰ নিশা অসম ৰাইফলছ, নগা আৰক্ষী, নগা টেৰিটৰিয়েল আর্মী আৰু সেনাবাহিনীৰ এটা বৃহৎ যৌথ দলে নাগালেণ্ডৰ মন জিলাৰ ভাৰত–ম্যানমাৰ সীমান্তৰ এক দুর্গম স্থানত অভিযান চলাই তিনি অপহূতৰ মাজৰ মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰে যদিও সন্ধানহীন হৈ পৰে ৰিতুল শইকীয়া৷ আজি ৰিতুল শইকীয়াই উক্ত ভয়ংকৰ সংঘর্ষৰ দৃশ্যপট বর্ণনা কৰি কয় যে প্রচণ্ড গুলীয়াগুলীৰ মাজতে আলফা (স্বাঃ)ৰ কেডাৰে তেওঁক টানি–হেঁচি পাহাৰৰ শীর্ষলৈ লৈ যায় আৰু তেনেদৰেই কেইবাদিনো খোজকাঢ়ি যোৱাৰ পাছত শিবিৰত উপস্থিত হয়৷ এই অপহৰণৰ পাছতে ৰাজ্যজুৰি উত্থাপন হয় ৰিতুল শইকীয়াৰ মুক্তিৰ দাবী৷ বিষয়টো সন্দর্ভত আলফা (স্বাঃ)–এ কোনো স্পষ্ট সঁহাৰি দিয়া নাছিল যদিও ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ৰূপে দায়িত্বভাৰ গ্রহণৰ পাছতে ড০ শর্মাই পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে ৰিতুল শইকীয়াক শীঘ্রে মুক্তি দিয়াৰ বাবেও আহ্বান জনায়৷

মুখ্যমন্ত্রী ড০ শর্মাৰ বিনম্র আহ্বানৰ প্রতি সঁহাৰি জনাই শেহতীয়াকৈ আলফা (স্বাঃ)–এ ৰিতুল শইকীয়াক মুক্তি দিয়াৰ কথা ঘোষণা কৰে৷ পৰেশ বৰুৱাৰ এই ঘোষণাৰ পাছতে সষ্টম হৈ থকা চৰাইদেউ জিলাৰ আৰক্ষীয়ে নগা আৰক্ষী আৰু অসম ৰাইফলছৰ সহযোগত শনিবাৰে পুৱা ৭ বজাত নাগালেণ্ডৰ লংৱাত গাঁৱত ৰিতুল শইকীয়াক উদ্ধাৰ কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰিতুল শইকীয়াক মুক্তি দিয়া খবৰ আগতীয়াকৈ লাভ কৰাৰ পাছতেই কালি নিশা চৰাউদেউ জিলাৰ পৰা মন জিলালৈ গৈ বাহৰ পাতি থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই সদলবলে গৈ সীমান্তৱর্তী অঞ্চলটোৰ পৰা শইকীয়াক শনিবাৰে পুৱা উদ্ধাৰ কৰে আৰু মন জিলাৰ আৰক্ষী থানালৈ লৈ আহে৷ বিগত কেইবাদিন ধৰি পদযাত্রা কৰি ক্লান্ত হৈ পৰা ৰিতুল শইকীয়াক স্বাস্থ্য পৰীক্ষাৰ অন্তত শনিবাৰে বিয়লি তেওঁক সোণাৰি থানালৈ অনা হয়৷ সোণাৰি থানাত পত্নী আৰু কণমানি সন্তানক প্রত্যক্ষ কৰি আৱেগিক হৈ পৰে ৰিতুল শইকীয়া৷ সোণাৰি আৰক্ষী থানাত কিছু সময় থকাৰ পাছত পত্নী আৰু কণমানি সন্তানসহ পৰিয়ালৰ আন লোকৰ সৈতে বৰহোলাৰ আপোন ঘৰলৈ ৰাওনা হয় তেওঁ৷

সাংবাদিকৰ আগত ৰিতুল শইকীয়াই প্রকাশ কৰা মতে, ২৪ এপ্রিলৰ নিশা নিৰাপত্তা বাহিনীৰ অতর্কিত অভিযান আৰু গুলীবর্ষণত আতংকিত হৈ পলাবলৈ লওঁতে পৰি যোৱাত তেওঁ হাতত দুখ পাইছিল৷ অৱশ্যে সামান্য পৰিমাণে হাতৰ ছাল এৰি যোৱাৰ ঘটনাৰ বাহিৰে আন একো হোৱা নাছিল৷ অপহৰণকাৰীসকলে শিবিৰত তেওঁৰ যত্ন লোৱাৰ লগতে ভাল ব্যৱহাৰো কৰিছিল৷ আহাৰত ভাতৰ সৈতে বেতগাজ, কলপচলা, কলডিল আদি খাদ্য হিচাপে খাবলৈ দিছিল৷ নিশা বাঁহৰ চাঙত তেওঁক শুবলৈ দি আলফা (স্বাঃ)ৰ সদস্যসকলে পহৰা দিছিল৷ অপহৰণৰ চাৰি দিনৰ পাছত পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰি কৈছিল যে কোনো ব্যক্তিগত শত্রুতাৰ বাবে নহয়, অসম আৰু অসমীয়াৰ স্বার্থত তেওঁক অপহৰণ কৰা হৈছে৷

ইফালে, পুৱাতে মুক্তিৰ খবৰ লাভ কৰি আনন্দমুখৰ হৈ পৰা ৰিতুল শইকীয়াৰ ঘৰখনত আজি যথেষ্টসংখ্যক লোকে ভিৰ কৰিছেহি৷ অসমত ভৰি থৈ মাতৃ মঞ্জু শইকীয়ালৈ ফোন কৰে ৰিতুল শইকীয়াই৷ এমাহ ধৰি পুত্রক বিচাৰি ব্যাকুল হৈ থকা মাতৃয়ে ফোনত পুত্রৰ মাতটো শুনাৰ লগে লগে আৱেগত কান্দি উঠে৷ ৰিতুল শইকীয়াই মাতৃক ফোনত সাত্ব্ন্না দি কয়– মই ভালেই আছোঁ মা, তই চিন্তা নকৰিবি৷ মই সোনকালেই ঘৰ পামগৈ৷ পুৱা টিভিৰ স্ক্রীনত স্বামীৰ মুক্তিৰ খবৰ পোৱাৰ লগে লগে এটা মাহৰ পাছত ৰিতুলৰ মাতটো শুনি আনন্দিত হৈ পৰে পত্নী শতাব্দী হাজৰিকা শইকীয়া৷ পাঁচমহীয়া সন্তানটি কোলাত লৈ শতাব্দীয়ে সাংবাদিকৰ আগত মনৰ আনন্দ প্রকাশ কৰি কয়– মানুহজন আজি পালেহি বুলি গম পাই সঁচাকৈ মনটো ভাল লাগিছে, ইয়াক বুজাব নোৱাৰি৷ মই তেওঁক কেতিয়া লগ পাওঁ, লগ পাওঁ লাগিছে৷ ইমান দিনে কি যে কষ্টত আছিলোঁ তাক ভুক্তভোগীয়েহে বুজি পাব৷ সকলোৰে সহযোগিতাৰ ফলত মোৰ মানুহজন আজি আহি উপস্থিত হৈছেহি৷ পৰেশ বৰুৱাই যি ধৰণে কথা দিছিল, তেনে ধৰণে কথা ৰাখিলে৷ এমাহ ধৰি পৰেশ বৰুৱাই মানুহজনক সুস্থ শৰীৰে ৰখাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ৷ অসমীয়াৰ স্বাভিমান সঁচাকৈ বজাই ৰাখিলে আলফাৰ সেনা নায়কজনে৷

You might also like