River Dolphin Festival 1.0 ত পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক সম্বৰ্ধনা
নিয়মীয়াবাৰ্তা, ৬ জানুৱাৰী:- আজি উই প্ৰৰ্জাভ ফাউনডেচনৰ (We Preserve Foundation) উদ্যোগত River Dolphin Festival 1.0 তিনিচুকীয়া জিলাৰ গুইজানৰ ৰাণী ঘাটত দুদিনীয়াকৈ আৰম্ভ হৈছে । উক্ত কাৰ্যসূচীত যোৱা বাৰ বছৰৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাম কৰি অহা পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ জিলা সম্পাদক ৰবি ছেত্ৰীয়ে । ঋতুৰাজ বৰুৱাই সম্বৰ্ধনা গ্ৰহণ কৰি River Dolphin Festival 1.0 য়ে তিনিচুকীয়া জিলাৰ পৰ্য্যটন ক্ষেত্ৰত খনত এক নতুন ৰূপ দিবলৈ সক্ষম হব বুলি উল্লেখ কৰে আৰু উপস্থিত ৰাইজক গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত এটাকৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দায়িত্ব লৈ গছপুলিটোৰ এটা বৃহৎ ৰূপ দিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ পাছত শ্ৰম মন্ত্ৰী সঞ্জয় কিষনে পৰিৱেশ সুৰক্ষা সমিতিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে River Dolphin Festival 1.0 দুদিনীয়াকৈ আয়োজন কৰাৰ কথা উদ্যোগ সমিতিৰ সভাপতি সুৰজিৎ চলিহা আৰু সম্পাদক বৰুণ গগৈয়ে জানিবলৈ দিয়ে।
প্ৰেৰক: সুৰজ দাস