সৰভোগত ভয়াৱহ পথ দুর্ঘটনাত ‘নিয়মীয়া বার্তা’ৰ দুই কর্মচাৰীসহ নিহত ৩
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ‘নিয়মীয়া বার্তা’ পৰিয়ালৰ বাবে এক দুঃসংবাদ৷ বৰপেটা জিলাৰ সৰভোগৰ মইনবডী সত্রৰ কাষৰ ডিভাইডাৰৰ মাজত থকা এটা পুলত শুকুৰবাৰে পুৱা ‘নিয়মীয়া বার্তা’ৰ কাকত কঢ়িওৱা এখন বাহন নিয়ন্ত্রণ হেৰুৱাই সোমাই যোৱাত দুর্ঘটনাগ্রস্ত হোৱাত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতভাৱে আহত হয়৷
মৃত্যু হোৱা লোক দুজনৰ ভিতৰত এজন কাকতখনৰ গাড়ীচালক নুনমাটিৰ উমানন্দ ৰাভা আৰু আনজনৰ পৰিচয় এতিয়াও চিনাক্ত হোৱা নাই৷ আনফালে গুৰুতৰভাৱে আহত হোৱা বুকিং কর্মী হিতেশ বর্মনক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল হাস্পতাললৈ প্রেৰণ কৰে৷ দুর্ঘটনাত পতিত হোৱা বাহনখনৰ সন্মুখত প্রেছ লিখা থকা বাবে আৰক্ষীৰ লগতে সকলোৱে সংবাদ মাধ্যমৰ বাহন বুলি গম পায় আৰু পাছত আন এখন বাতৰিকাকত কঢ়িওৱা বাহনে দুর্ঘটনাত পতিত হোৱা বাহনখন ‘নিয়মীয়া বার্তা’ৰ কাকত কঢ়িওৱা বাহন বুলি সাংবাদিকক জানিবলৈ দিয়ে৷
ইতিমধ্যে দুর্ঘটনাত নিহত হোৱা ব্যক্তি দুজনৰ নিথৰ দেহ সৰভোগ আৰক্ষী থানালৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্রেৰণ কৰে৷ দুর্ঘটনা পতিত হোৱা বাহনখনৰ নম্বৰ এ এছ–০১ জি চি–৬৩৭৭৷ শোকাৱহ দুর্ঘটনাটোৰ বাবে অঞ্চলটোৰ সংবাদ ক্ষেত্রৰ লগত জডিত লোকসকলৰ মাজত শোকৰ ছাঁ পৰে৷
ইফালে আবেলি বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত আহত হিতেশ বর্মনৰো মৃত্যু হয়৷ ইতিমধ্যে কাকত কর্তৃপক্ষই মৃত ব্যক্তিকেইজনৰ মৰণোত্তৰ পৰীক্ষাকে ধৰি যাৱতীয় কাম–কাজ সম্পন্ন কৰা বুলি জানিব পৰা গৈছে৷