ঢকুৱাখনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত জাতীয়তাবাদী নেতাসহ যুৱক
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ঢকুৱাখনা-মাজুলী সংযোগী পথৰ খজুৱা তিনিআলিত আজি সন্ধিয়া প্ৰায় ৫-৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে দুজন যুৱক নিহত হয়। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, ঢকুৱাখনা-মাজুলী সংযোগী পথৰ খজুৱা বিলৰ ওপৰত থকা অৰ্ধনিৰ্মিত কালভাৰ্টৰ ওপৰত মাজুলী অভিমুখী AS 03-BC 4406 নম্বৰৰ মালবাহী ডাম্পাৰখনে খজুৱাৰ পৰা ঢকুৱাখনা চাৰিআলি অভিমুখে আহি থকা এখন বাইকক মহটিয়াই নিয়ে।
ফলত বাইক আৰোহী সৰবৰহী যুৱক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা ঢকুৱাখনা চেতিয়া গাঁৱৰ বাবুল চেতিয়া আৰু সুঁতিমুখ গাঁৱৰ যুৱক অকণমান দাস থিতাতে নিহত হয়।
জানিব পৰা অনুসৰি, ডাম্পাৰখনৰ মালিক যোৰহাটৰ প্ৰণৱজ্যোতি দত্ত আৰু মাজুলীৰ ঠিকাদাৰ বকুল খনিকৰে ব্যৱহাৰ কৰি আছিল। নিহত বাবুল চেতিয়া ঢকুৱাখনা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক আৰু জিলা সমিতিৰ প্ৰাক্তন বিত্ত সম্পাদক আছিল। একেদৰে তাই আহোম ছাত্র সন্থা, ফাটবিহু সমিতিৰো তেওঁ বিভিন্ন দায়িত্বত আছিল।