টিংখাঙৰ ৰাজগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ টিংখাঙৰ ৰাজগড়ত একে স্থানতে পৃথকে পৃথকে সংঘটিত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনো পুৰুষ মহিলা গুৰুতৰভাৱে আহত হয়। ইয়াৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক। উল্লেখ্য যে ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ ৰাজগড় টাউনৰ সমীপৰ চাৰিআলিত প্ৰায় আধা ঘণ্টাৰ ভিতৰতে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। প্ৰথমটো ঘটনাত এখন ডাম্পাৰ গাড়ীয়ে এখন যাত্ৰীবাহী অট গাড়ীক খুন্দা মৰাৰ ফলত অটখন এ এচ ০৬ বি চি ৫৪৩৭ নম্বৰ অট গাড়ী খন চেপেটা হৈ পৰে। ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে এজন যাত্ৰী আৰু চালকজন। ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ খন চৰাইদেউৰ সাপেখাটি দিশলৈ পলাই যায়। ইয়াৰ কিছু সময় পাছতে একে স্থানতে সাপেখাটিৰ দিশৰ পৰা দ্ৰুত গতিত অহা আন এখন ডাম্পাৰে দুগৰাকী স্কুটি আৰোহীক প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত মহিলা দুগৰাকী বহু দুৰৈত চিটিকি পৰে। এ এচ ০৬ এ ই ৫৩৪২ নম্বৰ স্কুটি খনেৰে ৰাজগড় সমীপৰ কেন্দুগুৰী চাহ বাগিচাৰ লাইনৰ নিবাসী আশা তাঁতী (৩৫) নামৰ মহিলা গৰাকী আৰু উক্ত লাইনৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰীমা তাঁতী সহ ৰাজগড়ত বজাৰ কৰি ঘৰৰ অভিমুখে গৈ থকা সময়ত উক্ত চাৰিআলিটোত এ এচ ২২ চি ৬৮১৬ নম্বৰ ডাম্পাৰ খনে প্ৰচণ্ড বেগত খুন্দা মাৰে। ফলত দুয়োগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। আহত দুইগৰাকীকে ৰাজগড় সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্কুটি চালক আশা তাঁতীৰ অৱস্থা অতি সংকটজনক হোৱাত দুইগৰাকীকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ইফালে দুটি পুত্ৰ কন্যা সন্তানৰ মাতৃ আশা তাঁতী স্বামীও কৰ্মসূত্ৰে চেন্নাইত থাকে। ঘটনা সংঘটিত কৰি ডাম্পাৰখন পলাই যায় যদিও আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। অতি ব্যস্থতাময় উক্ত চাৰিআলিটোত কোনো ধৰণৰ গতি ৰোধক নথকাৰ বাবে নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। উক্ত স্থানত গতি ৰোধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।
প্ৰেৰক কৃষ্ণ গগৈ