নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত ভূমি বেদখলকাৰী বন্যাৰ্তৰ ঘাইপথ অৱৰোধ, আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ ধেমাজি জিলাৰ চিমেন চাপৰিত চৰকাৰী ভূমি বেদখলৰ ঘটনাৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ১৯ আগষ্টৰ পৰা চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটি বেদখলৰ বাবে জোনাই ৰাজহ চক্ৰৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ গালীঘাট অঞ্চলৰ জীয়াঢল, মুনিমুনি কুটুম, দেবেৰা, গালীঘাট মাছখোৱা, বেলং, মুদৈ আদি গাঁৱৰ শতাধিক বৰ্নাত্য পৰিয়ালে হাবি-বন চাফা কৰি তিৰ্পাল তৰি শিবিৰ স্থাপন কৰি থাকিবলৈ লোৱাৰ পাছত প্ৰতিদিনেই গালী চিকাৰী আৰু লাইমেকুৰী গাঁও পঞ্চায়তৰ বৰং অঞ্চলৰ বুঢ়ীসুঁতি, তিনিসুঁতি, চৰাইবাৰী, কৃঞ্চপুৰ মিচিং, মধ্যপুৰ, মুক্তিয়াৰ, পিপ’লগুৰী, মদাৰগুৰি, তেলীজান আদি বানপীড়িত গাঁওসমূহৰ পৰা চিমেন চাপৰি চৰকাৰী ভূমি বেদখলৰ বাবে সোঁত বয়। চিমেন চাপৰিত চৰকাৰী ভূমিত বানাক্ৰান্ত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিছে বুলি ৰাইজৰ মাজত তড়িৎ গতিত খবৰ বিয়পি পৰাৰ লগে লগে লাইমেকুৰী গাঁও পঞ্চায়তৰ চৰ চাপৰি অঞ্চল মেচাকি চাপৰিৰ মিলনপুৰ, মুকলি পথাৰ, লামাজান, চিঙ্গাপুৰ, মোহনামুখ গোৱালা, মোহনামুখ বড়ো, বুঢ়িয়া চাপৰি, আন’ চাপৰি, কয়লাআলি, ৰুমৈ ৰুমৈ, বৰ্মণ চেন্টাৰ, দদেৰে আদি বানপীড়িত গাঁওসমূহৰ পৰাও শ শ বন্যাৰ্ত পৰিয়াল ঢাপলি মেলিছে চিমেন চাপৰিলৈ চৰকাৰী ভূমি বেদখলৰ বাবে। ইয়াৰোপৰি বাহিৰ জোনাইৰ বেৰাচাপৰি অঞ্চলৰ বহু বানাক্ৰান্ত পৰিয়ালেও সংস্থাপন বিচাৰি চিমেন চাপৰিলৈ আহি চৰকাৰী ভূমি বেদখলত নামি পৰিছে। চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটি খণ্ডত কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে চৰকাৰে অনুমোদন দি থোৱাৰ লগতে
অৱশিষ্ট ভূমিখিনিও চিমেন চাপৰি ৰাইজে চৰকাৰী অনুষ্ঠানৰ বাবে দীৰ্ঘ বছৰ ধৰি সংৰক্ষণৰ ব্যৱস্থা কৰি থৈছে। ইতিমধ্যে চিমেন চাপৰিৰ চৰকাৰী ভূমিত এখন পলিটেকনিক কলেজ, গেষ্ট হাউছ নিৰ্মাণ হোৱাৰ লগতে এখন চিকিৎসা মহাবিদ্যালয়, এখন উন্নতমানৰ খেল পথাৰ, শ্মশান, খণ্ড উন্নয়ন কাৰ্যালয়, ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়কে ধৰি আন আন বহুকেইখন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে প্ৰথম অৱস্থাতে চিমেন চাপৰিৰ চৰকাৰী ভূমি বেদখলৰ প্ৰতিবাদত চিমেন চাপৰিৰ বিভিন্ন সংগঠনে জোনাই মহকুমা প্ৰশাসনক আপত্তি জনোৱাৰ ফলত প্ৰশাসনে বন্যাৰ্তক চিনাক্তকৰণ কৰি চৰকাৰী নীতি অনুসৰি পুনঃসংস্থাপন কৰালৈকে চৰকাৰৰ আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰিবলৈ লয় যদিও বানখহনীয়াৰ অচিলা লৈ চৰকাৰী ভূমি বেদখলত নামি পৰা বন্যাৰ্তই প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি চৰকাৰী ভূমি এৰি দিব বিচৰা নাই। এনে পৰিস্থিতিৰ মাজতে আজি কেইবাহাজাৰ বন্যাৰ্তই চিমেন চাপৰিৰ চৰকাৰী ভূমিত সংস্থাপনৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে চিমেন চাপৰিত। দুপৰীয়া বজাৰ পৰা চিমেন চাপৰিৰ অইল তিনি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকাত আৰক্ষীয়ে বাধা দিবলৈ যাওঁতে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ চোঁচা লৈ হতাহতিত লিপ্ত হয়। ঘটনাটোত মহিলা আৰক্ষীৰ লগতে কেবাগৰাকী আৰক্ষী আহত হোৱাৰ উপৰি এখন আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰি পেলায়। তিনি ঘন্টাজোৰা ঘাইপথ অৱৰোধ চলি থকা অৱস্থাত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতী, জোনাই ৰাজহ চক্ৰ বিষয়া প্ৰীতম কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদী বন্যাৰ্তক ঘাইপথৰ পৰা আঁতৰি যাবলৈ কয় যদিও অৱৰোধ কাৰ্যসূচী বহু সময়লৈকে চলাই নিয়ে। শেষত প্ৰশাসনৰ ফালৰ পৰা আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগে লগে প্ৰতিবাদীসকল গুচি যায় চিমেন চাপৰিৰ ভূমি সংৰক্ষণ বিভাগৰ মাটিত অস্থায়ীভাবে নিৰ্মাণ কৰি থকা শিবিৰলৈ। শেহতীয়াকৈ জোনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা আজিয়েই জাননী জাৰি কৰি চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ ঘোষণা কৰি ইয়াৰ অমান্য কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল’ব বুলি সকীয়াই দিয়াৰ পিছত শিবিৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হ’ল শ শ বন্যাৰ্তই।

You might also like