নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ পশ্চিম কৰৈগুৰিত চাঞ্চল্যকৰ ডকাইতি

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ৰূপহীহাটৰ পশ্চিম কৰৈগুৰিত যোৱানিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হয়। চাৰি জনীয়া পিষ্টলধাৰী ডকাইতৰ দল এটাই লুটি নিয়ে দুই লাখ নগদ টকাসহ সোণৰ আ-অলংকাৰ। পশ্চিম কৰৈগুৰিৰ চফীৰ উদ্দীনৰ ঘৰত নিশা চাৰিজনীয়া ডকাইতৰ দলে চলায় এই লুটপাত। ডকাইতি কৰি যোৱাৰ সময়ত ডকাইতৰ দলটোক আগভেটা দিয়াত এজনক প্ৰহাৰ কৰি মটৰ চাইকেল এৰি আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ প্ৰহাৰ কৰা লোকজনৰ নাম নাছিৰ উদ্দিন বুলি জানিব পৰা গৈছে৷ ডকাইতৰ দলটোৱে এএছ-০২-এডি-৪৫০৬ আৰু এএছ-০২-এই-৯৭৫২ নম্বৰৰ দুখন মটৰ চাইকেল এৰি পলায়ন কৰে। ঘটনাক কেন্দ্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে অঞ্চলজুৰি।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিতি হৈ তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like