নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত ক’ভিড নীতি ভংগ কৰি আক্ৰান্ত বহুজন! প্ৰাণ হেৰুৱালে ছয়জনে

নিয়মীয়া বাৰ্তা ৰহা,২০ মেঃ ৰাজ্যজুৰি মহামাৰী ক’ৰণা ভাইৰাছৰ দ্বিতীয় সংক্ৰমণে সকলোৰে মাজত সন্ত্ৰাস সৃষ্টি কৰি ৰাজ্যৰ চৌদিশে এক জটিল পৰিবেশ সৃষ্টি কৰি পেটতে হাত-ভৰি লুকুৱাইছে বহুজনৰ। কিন্তু ইয়াৰে একাংশ লোকৰ গাত এতিয়াও যেন তত্ অহা নাই। মহামাৰী ক’ৰণা প্ৰতিৰোধৰ বাবে চৰকাৰী অহৰ্নিশে সজাগতা সৃষ্টিৰ লগতে সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাই অহাৰ পাছতো একাংশ মদগৰ্বী স্বভাৱৰ লোকৰ বাবে গণসংক্ৰমণ আৰম্ভ হৈ গাঁৱে গাঁৱে বিয়পিছে মহামাৰী ক’ৰণা। অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ গণ সংক্ৰমণৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। স্থানীয় চিকিৎসকে আদি কৰি সচেতন মহলৰ মতে ৰহাৰ কেতবোৰ অঞ্চলত ক’ভিড বিধি নমনাৰ বাবে আৰম্ভ হৈছে গণ সংক্ৰমণ।

জানিব পৰামতে কিছুদিনৰ আগতে  ৰহাৰ নিকটৱৰ্তী দীঘলদৰি, পহুপুৰীখাইটি,কাকতি গাঁৱত বৃহত সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছিল আৰু ইয়াৰে দুগৰাকী ব্যক্তি নিহত হৈছিল। স্থানীয় ৰাইজৰ অভিযোগ মতে, উক্ত গণ সংক্ৰমণৰ কাৰণ আছিল বিহু অনুষ্ঠান অনুষ্ঠিত কৰা। ইয়াৰ লগতে আমতলা,জৰাবাৰী অঞ্চলতো গণসংক্ৰমণত বহুলোক ক’ভিডত আক্ৰান্ত হৈছিল।স্থানীয় ৰাইজৰ অভিযোগ মতে এখন বিবাব অনুষ্ঠানৰ পৰা আৰম্ভ হৈছিল এই গণ সংক্ৰমণ। শেহতীয়াকৈ ৰহাৰ বিভিন্ন অঞ্চলত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত চিকিৎসক সকলো চিন্তিত হৈ পৰিছে। এই সন্দৰ্ভত বাৰপূজীয়া প্ৰাথমিক চিকিৎসালয়ৰ তত্বাৱধায়ক ডাঃ লক্ষীধৰ দাসৰ পৰা জানিব পৰামতে স্থানীয় ৰাইজৰ অসতৰ্কতামূলক আচৰণৰ বাবে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী নীতি নিয়ম উলংঘা কৰা ফলত এইদৰে গণ সংক্ৰমণ বৃদ্ধি পাইছে।

তাতোকৈ ডাঙৰ কথা যে, ক’ভিড আক্ৰান্তক দিনে-নিশাই চিকিৎসা প্ৰদান, কভিড পৰীক্ষা আদি কৰি থাকোতে বহু সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মী অসুস্থ হৈ পৰিছে আৰু ক’ভিডত আক্ৰান্ত হৈ পৰিছে। দৈনিক ২৪ ঘন্টাৰ বিশ ঘন্টাই জনসাধাৰণৰ সেৱাত থাকিব লগা হোৱাত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে যদিও এতিয়াও বহুলোক সজাগ নোহোৱাত বিপদৰ সন্মুখীন হৈছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ লগতে সাধাৰণ জনতা। সেহে ক’ভিড মহামাৰীক নিয়ন্ত্ৰণৰ বাবে সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে। চিকিৎসক জনে লগতে জানিব দিয়ামতে চলিত বৰ্ষৰ এক এপ্ৰিলৰ পৰা সোতৰ মে’ পৰ্যন্ত বাৰপুজীয়া  প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ৰহা ৰাজ্যিক পৰিপূৰক চিকিৎসালয়, ফুলগুৰি-ম’হগড় ৰাজ্যিক চিকিৎসালয়, ম’হগড় ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ, মহাদেওশাল পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ, আমচৈ ৰাজ্যিক চিকিৎসালয়, লাওপানী ৰাজ্যিক চিকিৎসালয়, বগলাজান ৰাজ্যিক চিকিৎসালয়, হাটবৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ৰণথলি গ্ৰাম্য চিকিৎসালয়, আৰু ঘাঁহী ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত সহ মুঠ এঘাৰখন চিকিৎসালয়ৰ এলেকাত মুঠ ১২,২৩৩ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয়।

ইয়াৰ ভিতৰত ৮৬২জন ব্যক্তিৰ দেহত মহামাৰী ক’ভিড-১৯ ধৰা পৰা বিপৰীতে বৰ্তমানলৈকে ৪৪০জন লোক সুস্থহৈ উঠিছে। লগতে সাতজন ব্যক্তি এই মহামাৰীত নিহত হোৱাৰ লগতে বৰ্তমানলৈকে ৪১৬জন ব্যক্তিক গৃহ নিলগীয়াকৰণ আৰু কভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে বুলি জানিব দিছে। অন্যহাতে ৰহা ৰাজ্যিক পৰিপূৰক চিকিৎসালয়ৰ চিকিৎসক ডাঃ আকাশ ডেকাই কয়যে, ৰহা নগৰৰ মাজমজিয়াত হোৱাৰ বাবে চিকিৎসালয়খনলৈ বিভিন্ন ৰোগী সহ দৈনিক শ শ লোকে কভিড টেষ্ট, ভেকচিন আদি ল’বলৈ আহে। চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্চ, স্বাস্থ্যকৰ্মী, লেবৰটৰী টেকনিচিয়ান ফাৰ্মাচিষ্ট, আশাকৰ্মী আনকি চতুৰ্থ বৰ্গ কৰ্মচাৰী সকলোৱে দিন-ৰাতি একাকাৰ কৰি ৰাইজক চিকিৎসা সেৱা আগবঢ়ায় আছে।বহুকেইজন ক’ভিডত আক্ৰান্তও হৈছে। সেহে ৰাইজে ক’ভিডক পৰাস্ত কৰিবলৈ হ’লে ক’ভিড নীতি-নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনাইছে।

You might also like