নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক প্ৰদীপ গগৈক ‘ৰোহিণী মেধি প্ৰেৰণা বঁ‌টা’ প্ৰদান

🎯নলবাৰীত সাংবাদিক ৰোহিণী মেধিৰ নৱম মৃত্যু বাৰ্ষিকী-বঁ‌টা প্ৰদান অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৬ জুনঃ অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি সদৌ অসম সাংবাদিক সন্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, কৃতি শিক্ষক, সমাজ সংগঠক প্ৰয়াত ৰোহিণী মেধিৰ নৱম মৃত্যু বাৰ্ষিকী আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ নলবাৰী চহৰৰ কাজিপাৰাৰ প্ৰয়াত মেধিৰ বাসভৱনত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধি আৰু বাসনা সাহিত্য গোষ্ঠীৰ প্ৰাক্তন সম্পাদক কবিতা দেৱীয়ে।সভাখনত অতিথি হিচাপে উপস্থিত থাকি ‘দৈনিক জনমভূমি’ কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে ভাষণ প্ৰসংগত প্ৰয়াত ৰোহিণী মেধিৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰি সাংবাদিকতাৰ দীঘলীয়া অধ্যায়ৰ ওপৰত আলোকপাত কৰে।ফুকনে লগতে ইয়াকো কয় সাংবাদিক হিচাপে প্ৰয়াত মেধিৰ সমাজত যথেষ্ট অৱদান আছে।সাংবাদিকৰ দায়িত্বৰ বিষয়ে আলোকপাত কৰি ফুকনে কয় সাংবাদিকসকলে সেৱাৰ মনোভাৱেৰে কাম কৰা উচিত। সাংবাদিকে সংবাদ প্ৰেৰণৰ জৰিয়তে সমাজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব পাৰি। তেওঁ‌ কয়- এতিয়াও বিশ্বাসযোগ্য সংবাদ হিচাপে সংবাদপত্ৰ জীয়াই আছে। নিষ্ঠাবান সাংবাদিক সকলে বিশ্বাসযোগ্য বাতৰি সংবাদপত্ৰত পৰিবেশন কৰি আহিছে। সংবাদপত্ৰৰ মূল্য এতিয়াও কমি যোৱা নাই বুলি তেওঁ‌ কয় ।সভাত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে সাংবাদিক নিপজ্যোতি মেধিৰ সম্পাদনাত প্ৰকাশিত ‘পষেকীয়া আমাৰ বাতৰি’ কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকি ‘অসমীয়া প্ৰতিদিন’ কাকতৰ উপ-সম্পাদক অঞ্জন কুমাৰ শৰ্মাই ভাষণৰ প্ৰাৰম্ভতে প্ৰয়াত ৰোহিণী মেধিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁৰ লগত থকা নিৱিড় সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। জ্যেষ্ঠ সাংবাদিক শৰ্মাই কয় কৰ্মই মানুহক মৃত্যুৰ পিছতো জীয়াই ৰাখে।যিসকলে কৰ্মৰ জৰিয়তে সফল হয়,সমাজত স্বাক্ষৰ বহন কৰে তেনে ব্যক্তিক সমাজে সদায় মনত ৰাখে। ৰোহিনী মেধি তেনে এগৰাকী ব্যক্তি আছিল। ৰোহিণী মেধিয়ে সমাজৰ প্ৰতিটো কামতে আত্মনিয়োগ কৰিছিল বুলি প্ৰকাশ কৰি কয় তেওঁ সমাজখনক একত্ৰিত কৰি ৰাখিবলৈ প্ৰয়াস কৰিছিল। ৰোহিণী মেধি নিজে এটা অনুষ্ঠান আছিল বুলি প্ৰকাশ কৰি নৱপ্ৰজন্মক তেওঁৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, বিএইচবি মহাবিদ্যালয়, সৰুপেটাৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড° ফনীধৰ তালুকদাৰে ৰোহিণী মেধিৰ স্মৃতিচাৰণ কৰে। আজিৰ সভাতে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ উপ সম্পাদক প্ৰদীপ গগৈক ‘ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা-২০২৪’ বঁটা প্ৰদান কৰা হয়৷ লগতে কবি, শিক্ষয়িত্ৰী দীপিকা ফুকনক ‘মনৰ খৰিকাজাঁই’ নামৰ গ্ৰন্থখনৰ বাবে ‘ৰোহিণী মেধি সোঁৱৰণী বঁটা-২০২৪’ প্ৰদান কৰা হয়৷ বঁ‌টা গ্ৰহন কৰি দুয়োগৰাকীয়ে মনৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰ লগতে প্ৰয়াত ৰোহিণী মেধিৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজিত কবিতা প্ৰতিযোগিতাত নিৰ্বাচিত ২০গৰাকী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়৷সভাত সাংবাদিক দিলীপ কুমাৰ হালৈ, বাসনা সাহিত্য গোষ্ঠীৰ সম্পাদক দেৱীপ্ৰসাদ অধিকাৰী, সাংবাদিক শ্বাহ আলম আহমেদ, কৃতি শিক্ষক, বৃক্ষবন্ধু তথা সাংবাদিক গংগাধৰ বৰ্মন, শশাংক শৰ্মা, আলতাফ হুছেইন, বিশিষ্ট শিক্ষাব্ৰতী ড° শৈলেন্দ্ৰ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ প্ৰাৰম্ভতে প্ৰয়াত মেধিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিণী গিৰিজা মেধিয়ে। মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে মেধিৰ জ্যেষ্ঠ ভাতৃ ৰমাকান্ত মেধিয়ে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like