নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত তৰণী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত , মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী

নিয়মীয়া বাৰ্তা ১৩ নবেম্বৰ:-ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ তৰণীস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাঙ্গনটো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি । তৰণীৰ হৰি মন্দিৰ প্ৰাংগণত ৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৮৭ তম ৰাস মহোৎসৱ । চৰকাৰৰ এছ‌অ’পি মানি ৰাস মহোৎসৱ পালন কৰিবলৈ প্ৰস্তুত হৈছে আয়োজক সমিতি । মৃৎ শিল্পী সকল ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তি নিৰ্মাণত । ৰাসত প্ৰদৰ্শন হ’ব লগীয়া মহাভাৰতৰ আখ্যানৰ বাবে এই মৃন্ময় মূৰ্তি সমূহ নিৰ্মাণ কৰি থকা হৈছে ।

ৰাসৰ প্ৰস্তুতিকলৈ আয়োজক সকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে যোৱা বছৰ কভিড পৰিস্থিতিৰ বাবে কেৱল মাত্ৰ বৈদিক ৰীতি-নীতিৰে অনুষ্টুপিয়াকৈ আয়োজন কৰা হৈছিল । এইবেলি কভিড পৰিস্থিতি কিছু উন্নত হোৱাত চৰকাৰে জাৰি কৰা এছ‌অ’পি মানি ৰাস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে ।

You might also like