ছয়গাঁও আৰক্ষীৰ কার্যত মৰিয়নিত তীব্র প্রতিক্রিয়া; ক্ষোভ বিধায়ক ৰূপজ্যোতি কুর্মীৰ
নিয়মীয়া বাৰ্তা, ৩ মেঃ মৰিয়নিৰ এজন ব্যক্তিক ছয়গাঁও আৰক্ষীয়ে কৰায়ত্ত কৰি লৈ যোৱা ঘটনাই মৰিয়নিত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে এই ঘটনাত মৰিয়নি আৰক্ষী আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰো নাম সাঙোৰ খাই পৰিছে৷
এই সন্দর্ভত জানিব পৰা মতে, ছয়গাঁও থানাৰ ২৯৩/২০২০নং গোচৰৰ ভিত্তিত মৰিয়নি আৰক্ষীয়ে ৩০ এপ্রিলৰ ৰাতি মৰিয়নি নগৰৰ ২নং ৱার্ডৰ নিজৰাপাৰৰ নৱজিৎ হাজৰিকা নামৰ এজন ব্যক্তিক থানালৈ লৈ আনে৷ কি গোচৰৰ ভিত্তিত ধৰা হৈছে সেই কথা জনাব নোৱাৰিলেও ছয়গাঁও থানাৰ এক মাৰপিটৰ গোচৰত তেওঁক সোধা–পোছাৰ বাবে আটক কৰা বুলি জনায়৷ কিন্তু ১ মে’ত তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমৃত হোজাইৰ নির্দেশতহে ব্যক্তিজনক ধৰা হৈছে বুলি জানিবলৈ দিয়ে৷ ছয়গাঁও থানাৰ উক্ত গোচৰৰ অন্যতম অভিযুক্ত ধৃত নৱজিৎ হাজৰিকাৰ সম্পর্কীয় ব্যক্তি হোৱা বাবেই নৱজিৎ হাজৰিকাক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি সন্দেহ কৰা হৈছে৷
আনকি মৰিয়নি আৰক্ষীৰ দলে নিশাই ৰে’লৱে কেঁচা কলনীৰ আন এজন সম্পর্কীয় লোকৰ ঘৰতো অভিযান চলোৱাৰ বাতৰি পোৱা গৈছে৷ ইফালে, নৱজিৎ হাজৰিকাৰ পৰিবাৰ দীপা গোৱালা মৰিয়নিৰ ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রৰ এএনএম হোৱা হেতুকে সম্প্রতি ক’ভিড–১৯ৰ বিৰুদ্ধে নিয়োজিত হৈ আছে৷ মহিলাগৰাকীয়ে মহকুমা আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰাত তেওঁক সোধা–পোছাৰ বাবে আটক কৰা বুলি জনায়৷ কিন্তু বিয়লি থানালৈ আহিহে মহিলাগৰাকীয়ে জানিব পাৰে যে ইতিমধ্যে নৱজিৎ হাজৰিকাক ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱলৈ লৈ গৈছে৷ অথচ পৰিয়ালৰ লোকক একো জনোৱা নহ’ল৷
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী ৰাতি মৰিয়নি থানাত উপস্থিত হৈ সবিশেষ জানিব বিচাৰে যদিও সেই সময়ত থানাত এজনো বিষয়া উপস্থিত নাছিল৷ ইফালে, দীপা গোৱালাই তেওঁৰ স্বামী নিখোজ হোৱা সম্পর্কত মৰিয়নি থানাত ৰাতিয়েই এক এজাহাৰ দাখিল কৰিব খোজে যদিও এজাহাৰ ল’বলৈ কোনো আৰক্ষী বিষয়া নাছিল৷ পিছত নিশা ১২ মান বজাত যোৰহাটৰ পৰা ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তিলক বৰা অহাতহে এজাহাৰ দাখিল কৰে৷ ইফালে, ভাৰপ্রাপ্ত আৰক্ষী বিষয়াজনে সমগ্র ঘটনা মহকুমা আৰক্ষী বিষয়াইহে জানে বুলি কৈ নিজৰ দায়িত্ব সামৰিব খোজে৷ লকডাউনৰ স্পর্শকাতৰ সময়তো মৰিয়নি থানাত ৰাতি আৰক্ষী বিষয়া নথকা কার্যই আৰক্ষীৰ প্রকৃত স্বৰূপ উদঙাই দিছে৷
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত নকৰাকৈ এইদৰে লোকজনক লৈ যোৱা কার্যক সমালোচনা কৰিছে৷ ইফালে, নৱজিৎ হাজৰিকাৰ পত্নী দীপা গোৱালাই ছয়গাঁও থানাৰ উক্ত ঘটনাৰ সৈতে তেওঁৰ স্বামী কোনোধৰণে জড়িত নহয় বুলি কয়৷ স্বাভাৱিকতে এই ঘটনাই মৰিয়নিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷