নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত এসপ্তাহত ১১ কৰ্মচাৰীক বৰ্খাস্ত গ্ৰামোন্নয়নৰ আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৩০ জুন :মৰিগাঁও জিলাৰ লাহৰীঘাটত ৬জনকৈ পঞ্চায়ত কৰ্মচাৰীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই বৰ্খাস্ত কৰাৰ নিৰ্দেশ জাৰি কৰে। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত তুলসীবড়ী গাওঁ পঞ্চায়তৰ বৰ্তমানৰ আৰু পূৰ্বৰ ৬জনকৈ কৰ্মচাৰীক যোৱা ২৮ জুনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই এক নিৰ্দেশ যোগে বৰ্খাস্ত কৰে। কৰ্মচাৰী কেইজন চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ঘটনাই সমগ্ৰ লাহৰীঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্খাস্ত কৰা কৰ্মচাৰী কেইজন হল মোস্তাফিজুৰ ৰহমান (কম্পিউটাৰ সহায়ক), ৰেকিবুদ্দিন (পূৰ্বৰ জি পি চি), পাৰ্থপ্ৰতিম শইকীয়া (বৰ্তমানৰ জি পি চি), ৰাজু বৰদলৈ(জি আৰ এচ), ছাইফুল ইছলাম (Accredited engineer), আৰু নিয়ামত আলী (পূৰ্বৰ জি আৰ এচ)। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ PDDE(||) 80/2020/49-A নম্বৰ নিৰ্দেশ যোগে কৰ্মচাৰী কেইজনক বৰ্খাস্ত কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে এই কৰ্মচাৰী কেইজন প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ দূৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ গৈছিল। ইফালে যোৱা ২৩ জুনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই আন এক নিৰ্দেশ যোগে লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰছলা গাঁও পঞ্চায়তৰ ৫জনকৈ পঞ্চায়ত কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল।

প্ৰেৰক আবুল কালাম

You might also like