অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ মণিকাঞ্চন ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ
- ৩১ জানুৱাৰী -৪ ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচী
- ৰাজ্য চৰকাৰৰ ৫০ লাখ অৰ্থসাহায্য
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ‘মণিকাঞ্চন ক্ষেত্ৰ’ত অহা ৩১ জানুৱাৰী আৰু ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততি সংখ্যক পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়ত আদৰণী সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি ৰাজ্য-বহিঃৰাজ্যৰ সাহিত্যিক আৰু সাহিত্যানুৰাগী ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে। ছয়কোটি টকা ব্যয়ৰে সফলভাৱে অনুষ্ঠিত কৰিবলৈ আদৰণী সমিতি আৰু উপ-সমিতিসমূহে দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে। এই উপলক্ষে উক্ত অধিৱেশনৰ মণিকাঞ্চন ক্ষেত্ৰত সাহিত্য কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ মাজত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন স্থানত আদৰণী তোৰণেৰে ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। আদৰণী সমিতি আৰ্থিক সংকটত পৰাৰ সময়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পঞ্চাশ লাখ টকাৰ চেক প্ৰদান কৰাত আদৰণী সমিতিয়ে যথেষ্ট সকাহ পোৱাৰ লগতে অধিৱেশনখনি সফল কৰি তোলাত যথেষ্ট সহায়ক হ’ব বুলি জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অনুসৰি প্ৰথম দিনা পুৱা অধিৱেশন স্থলীত নামঘৰ উদ্বোধন আৰু নাম-প্ৰসঙ্গ, মেডাম মে-ফি অনুষ্ঠান, ১০ বজাত আদৰণী সমিতিৰ মুখ্য তোৰণ উন্মোচন, ১০.৩০ বজাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ উদঘাটন, ১১ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন, ১১.১৫ বজাত বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন, ১১.৩০ বজাত প্ৰদৰ্শনী দ্বাৰ উন্মোচন, ১২.৩০ বজাত শিল্পকলা প্ৰদৰ্শনী দ্বাৰ উন্মোচন, ১২.৪৫ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, ১ বজাত মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ অষ্টম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন, ১.৩০ বজাত তোৰণ উন্মোচন, ২ বজাত প্ৰতিনিধি শিৱিৰ উন্মোচন, ৩ বজাত মূল মঞ্চত আকাশ অনুষ্ঠান, একে সময়তে গ্ৰন্থমেলা মঞ্চত কথা-সাহিত্য সন্মিলন, সন্ধিয়া ৫ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী উত্তৰ-পূৱ কৃষ্টি প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান মূল মঞ্চত অনুষ্ঠিত হ’ব। উক্ত অধিৱেশনৰ কেউদিনৰ সকলো কাৰ্যসূচীতে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগিতা আদৰণী সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক মাখন তামুলীয়ে আন্তৰিকতাৰে কামনা কৰিছে।
জগত গগৈ, নাৰায়ণপুৰ