নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰি বিলৰ মাথাউৰি ভাঙি বিস্তৰ ক্ষতি সোমাল কলংৰ পানী

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ৰাজ্য খনৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ মীনপালক সকলে লক ডাউনৰ সময়ত মাছ বিক্ৰী কৰিব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখিন হোৱাৰ সময়তে পুনৰ চামগুৰি বিলত কলং নদীৰ বাহনিপানী সোমোৱাৰ ফলত বিল খনৰ মাছ ওলাই যোৱাত মহলদাৰ গৰাকী বিপাঙত পৰিছে ৷

 বিশেষকৈ নেৰানেপেৰা মুসলধাৰ বৰষুণৰ ফলত নগাঁও জিলাৰ চামগুৰি বিল খনত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে জলস্তৰ ৷লগতে কলংনদীৰ বাহনি পানী সোমোৱাৰ ফলত অঞ্চলটোত কৃত্ৰিম বানপানী হোৱাৰ লগতে বিল খনৰ পৰা মাছ কলং নদীখনলৈ ওলাই যোৱা বুলি বিলখনৰ মহলদাৰে জানিবলৈ দিয়ে ৷চামগুৰিৰ কে’বাজনো নিবনুৱাই কৰ্ম সংস্থাপন বাবে চামগুৰি বিল খন ডাকতলৈ মাছপালন কৰাৰ সময়তে নেৰানেপেৰা বৰষুণৰ ফলত বিল খনৰ পুৱ আৰু দক্ষিন দিশৰ মাথাউৰি সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ ফলত বিলখনৰ পৰা লাখ টকাৰ মাছ ওলাই যোৱা বুলি জানিব পৰা গৈছে ৷আনহাতে একাংশ সুবিধাবাদী মাছমৰীয়াই অভাৱনীয় কৃত্ৰিম বানৰ সুবিধা গ্ৰহন কৰি বিলখনৰ ভঙা মাথাউৰিৰ কাষত প্ৰতিদিনে মাছ ধৰি বিক্ৰী কৰি আহিছে ৷

 ফলত বিল খনৰ মহলদাৰ বৃহৎ লোকচানৰ সন্মুখিন হব লগাত পৰিছে ৷ প্ৰতিবছৰে নেৰানেপেৰা বৰষুণৰ ফলত বিলখনৰ বিস্তৰ এলেকা প্লাৱিত হৈ ক্ষতিসাধন হোৱাত বিলখনৰ মহলদাৰ পৰেশ বৰ্মন আৰু ভুমিধৰ দাসে উক্ত মাথাউৰিটো মেৰামতি তথা চুইচ গেটৰ ব্যৱস্থা কৰি দিৱৰ বাৱে গুৱাহাটীৰ এএফ ডি চি কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষক লিখিত আবেদন জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন কৰা নাই বুলি জানিব পৰা গৈছে ৷

You might also like