প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মালৈ সংবাদ লহৰ বঁটা
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ গণ পুথিভঁৰাল ৰূপে স্বীকৃত আৰু অসমত এক প্ৰগতিশীল গ্ৰন্থ আন্দোলনৰ জন্মদাতা প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মালৈ আগবঢ়োৱা হ’ল সংবাদ লহৰ বঁটা । উল্লেখ্য যে শিক্ষা আৰু গণসংস্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জনপ্ৰিয় ৱেব মিডিয়া সংবাদ লহৰে তেওঁলোকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সোণাপুৰৰ ট্ৰাইচেম হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাক আজি এই বঁটা প্ৰদান কৰে।
অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰামচৰণ ভৰালী, জনপ্ৰিয় অভিনেতা যতীন বৰা, সমাজকৰ্মী দিলীপ গগৈ, সাংস্কৃতিক কৰ্মী হৃষীকেশ ভট্টাচাৰ্য, অধ্যাপক ড০ ধৰ্মৰাম ডেকা, মিডিয়াটোৰ পৰিচালন সঞ্চালক মহেশ মালাকৰ আদি উপস্থিত থাকি বিগত বছৰটোত ৱেব মিডিয়াটোৱে লোৱা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।
ইপিনে প্ৰেৰণা পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক সুশীল মালাকৰ আৰু মামণি দেৱী, পৰিচালক নীলোৎপল তালুকদাৰ, অভিনৱ নাৰায়ণ শৰ্মা আৰু পুথিভঁৰালটোৰ নতুন দেহৰ শাখাৰ মুখ্য পৰিচালক বনজিত ডেকাও এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।
আনহাতে চন্দন মালাকৰে আঁত ধৰা এই অনুষ্ঠানতে বন্য প্ৰাণী সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে লোৱা ভূমিকাৰ বাবে সাৰংগধৰ ৰাভা, উদ্যান শস্য আৰু কৃষি খণ্ডৰ বাবে ৰাজীৱ শৰ্মা, ৰাজনীতি আৰু সমাজসেৱাৰ বাবে ড০ তপন দাস, পৰ্যটন উদ্যোগৰ বাবে চম্পক ডেকা, যুৱ সাহিত্য আৰু অনুবাদৰ বাবে বাপুকণ চৌধুৰী আদি আন ১২গৰাকী ব্যক্তিকো সংবাদ লহৰ বঁটা প্ৰদান কৰা হয় ।