নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ সভাত ভগা চকী আৰু লাঠীঃ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখতে দুই লবীৰ মাজত কুৰুক্ষেত্ৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থকা কংগ্ৰেছৰ এখন সভা পৰিণত হ’ল কুৰুক্ষেত্ৰ যুদ্ধত। নেতাগৰাকীৰ সন্মুখতে কংগ্ৰেছৰ দুটা ফৈদৰ মাজত আৰম্ভ হয় এই কুৰুক্ষেত্ৰ।

ঘটনাৰ বিৱৰণী মতে, যমুনামুখ কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য ৰেজিয়া চুলতানা আৰু কামালুদ্দিন ফাৰুকীৰ লবীৰ মাজত এই সংঘাত হয়। হাতত লাঠী আৰু প্লাষ্টিকৰ চকী উঠাই তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় দুয়োটা পক্ষ। শেষত লণ্ডভণ্ড হৈ পৰে সভাস্থলী। ঠায়ে ঠায়ে পৰি থকা দেখা যায় ভগা চকী-লাঠী।

যমুনামুখ সমষ্টিৰ মোৰাঝাৰ বজাৰত বিন্নাকান্দি ব্লকে আয়োজন কৰিছিল এই সভা। কংগ্ৰেছৰ তত্ত্বাৱধায়ক বৰদলৈক শেষত আৰক্ষীয়ে নিৰাপদে সভাস্থলীৰ পৰা আঁতৰাই নিয়ে। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত ঘটা এই ঘটনাই স্বাভাৱিকতে উদ্বিগ্ন কৰিছে কংগ্ৰেছক।

You might also like