অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যবেক্ষক সঞ্জয় কুমাৰ পাঞ্চাৰীৰ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ৰাজ্যৰ ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেঁকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৬৯ নং চেলাজান কছাৰী প্ৰাথমিক বিদ্যালয়ৰ অতি স্পৰ্শকাতৰ ক্ৰিটিকেল ভোটকেন্দ্ৰটো পৰিদৰ্শন কৰে নিৰ্বাচনী পৰ্যবেক্ষক তথা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সঞ্জয় কুমাৰ পাঞ্চাৰীয়ে ৷
নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে প্ৰ’টকল অফিচাৰ ৰজনী বৰুৱা আৰু ছেক্টৰ অফিচাৰ প্ৰতুল মেধিৰ সহযোগত কেঁকুৰি মধুপুৰৰ পৰা ভাটি কেঁকুৰি পথেৰে গৈ চেলা চাৰিকড়িয়া নদী পাৰ হৈ প্ৰায় ৭০০ মিটাৰ পথ খোজকাঢ়ি গৈ অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰটোৰ লগতে কেইবাটাও স্পৰ্শকাতৰ ভোট কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।