আজব কাণ্ডঃ সাপেখাতীত একেদিনাই তিনি পালি ভেকচিন এগৰাকী মহিলাক
নিয়মীয়া বাৰ্তা ৪ জুনঃ চৰাইদেউ জিলাৰ সাপেখাতীত একেদিনাই এগৰাকী ৬০ বছৰীয়া মহিলাক তিনিটাকৈ ক’ভিড ভেকচিন দিয়া এক আজব ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ সোণালীপুৰ গাঁৱৰ শশী দাসৰ লগতে পত্নী জোনাকী দাসে দিয়া অভিযোগ মতে, কালি অর্থাৎ ২ জুনত সাপেখাতী খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনস্থ আটাল পথাৰস্থিত গদাধৰ সিংহ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলৰ ক’ভিড ভেকচিনৰ এটা শিবিৰৰ আয়োজন কৰে৷ উক্ত শিবিৰত অঞ্চলটোৰ অন্য ব্যক্তিৰ লগতে জোনাকী দাস (৬০) নামৰ মহিলাগৰাকীয়েও ভেকচিন ল’বৰ বাবে উপস্থিত হয়৷
মহিলাগৰাকীক ভেকচিন দিয়াৰ সময়তে উক্ত শিবিৰত দুজন লোকৰ ক’ভিড পজিটিভ ধৰা পৰাত কর্তব্যৰত নার্ছগৰাকীয়ে পৰিয়ালৰ লোকক মাতি পঠিওৱাৰ ব্যৱস্থা কৰে আৰু তেনে সময়তে জোনাকী দাসক একেখন হাততে তিনিটাকৈ ভেকচিন দিয়ে৷ মহিলাগৰাকীয়ে একেখন হাততে তিনিটাকৈ বেজী দিছে যে বিষ হৈছে বুলি কোৱাৰ পিছতো নার্ছগৰাকীয়ে গুৰুত্ব নিদি ‘হ’ল যাওক’ বুলি পঠিয়াই দিয়ে৷
মহিলাগৰাকীয়ে বাহিৰত গৈ অন্য ব্যক্তিক কেইটা বেজী দিয়ে বুলি জানিব বিচৰাত এটাহে দিয়ে বুলি কোৱাত মহিলাগৰাকীয়ে ভিতৰত গৈ পুনৰ নার্ছগৰাকীক কিয় তিনিটাকৈ ভেকচিন প্রদান কৰিলে বুলি প্রশ্ণ কৰাত ‘মই মাতি আনিছো নি’ বুলি নার্ছগৰাকীয়ে মহিলাগৰাকীকহে গালি দিয়ে৷ বেজী দিয়াৰ পিছতে জ্বৰত আক্রান্ত হোৱাৰ লগতে অত্যন্ত দুর্বল হৈ পৰা মহিলাগৰাকী আজিপর্যন্ত বিছনাত পৰি থাকিব লগা হৈছে৷ আনহাতে, আজিপর্যন্ত মহিলাগৰাকীৰ হাতত তিনিটাকৈ বেজী দিয়াৰ সুস্পষ্ট চিন আছে যদিও ঘটনাটো সন্দর্ভত নার্ছগৰাকীয়ে অস্বীকাৰ কৰিছে৷