নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিৰণ্য বৰা–কিৰিপৰ বিৰুদ্ধে আদালত পালেগৈ শৰৎ বৰকটকী

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা অৱস্থাত কংগ্রেছত চলিছে চৰম অৰাজকতা৷ প্রদেশ কংগ্রেছৰ সভাপতি, বিৰোধী দলপতিৰ পদক লৈ দলটো আভ্যন্তৰীণ বাদ–বিসম্বাদত জর্জৰিত হৈ পৰাৰ সময়তে দলটোৰ শ্রমিক সংগঠন আইএনটিইউচিৰ নেতৃত্বক লৈও আৰম্ভ হৈছে খোৱা–কামোৰা, কার্যালয় দখল–বেদখলৰ ৰাজনীতি৷ দলৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা আৰু কিৰিপ চলিহাই পৰহি আইএনটিইউচিৰ গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰি নিজকে আইএনটিইউচিৰ অসম শাখাৰ সভাপতি আৰু উপ–সভাপতি হিচাপে পৰিচয় দি বক্তব্য ৰাখে৷ ইয়াৰ পাছতেই আজি কংগ্রেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা প্রাক্তন মন্ত্রী শৰৎ বৰকটকীয়ে এখন সংবাদ মেলত তেওঁহে আইএনটিইউচিৰ অসম শাখাৰ বর্তমানৰ সভাপতি বুলি প্রকাশ কৰাৰ লগতে হিৰণ্য বৰা আৰু কিৰিপ চলিহাই ছালফাসহ গুণ্ডা বাহিনী লৈ কার্যালয় বেদখল কৰি সংবাদ মেল অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ কৰে৷

এই সম্পর্কত তেওঁ পল্টন বজাৰ থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে বুলি জানিবলৈ দিয়ে৷ বৰকটকীয়ে কয় যে হিৰণ্য বৰা, কিৰিপ চলিহাৰ প্রচাৰ সম্পূর্ণ ভুৱা, মনেসজা, অসাংবিধানিক আৰু ৰাষ্ট্রীয় মজদুৰ কংগ্রেছৰ সংবিধানৰ সম্পূর্ণ বিৰোধী৷ হিৰণ্য বৰাৰ বিষয়ে অসমৰ ৰাইজ বিশেষকৈ জিলা কংগ্রেছ কর্মীসকলে ভালকৈ জানে৷ ৰাষ্ট্রীয় মজদুৰ কংগ্রেছৰ কার্যালয় বেদখল কৰি নাটক ৰচনা কৰি নিজকে সভাপতি বুলি জাহিৰ কৰি ফুৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সমালোচনা কৰাৰ তেওঁলোকৰ কোনো যুক্তি নাই৷ তেওঁলোকে ৰাইজ আৰু দলীয় কর্মীসকলক বিপথে পৰিচালনা কৰাৰ অপচেষ্টাহে চলাইছে৷ বৰকটকীয়ে আৰু কয় যে তেওঁহে ৰাষ্ট্রীয় মজদুৰ কংগ্রেছৰ অসম শাখাৰ নির্বাচিত সভাপতি৷ তেওঁ সুকলমে অসম শাখা সংগঠনটো পল্টন বজাৰ কার্যালয়ৰ পৰা চলাই আছে৷ সেই কথা অসমৰ শ্রমিক সংগঠনে ভালকৈ জানে৷ তেওঁ অভিযোগ কৰা মতে, ক’ভিড–১৯ৰ বাবে লকডাউন চলি থকাৰ বাবে কার্যালয়ত নিয়মীয়াকৈ উপস্থিত নথকাৰ সুযোগ লৈ হিৰণ্য বৰা, কিৰিপ চলিহাই ছালফাসহ গুণ্ডা বাহিনী লৈ আইএনটিইউচিৰ কার্যালয় বেদখল কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ তেওঁলোকৰ বিৰুদ্ধে পল্টন বজাৰ থানা, গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা হৈছে৷ আদালতে বেদখলকাৰীক অনতিপলমে উচ্ছেদ কৰি শাস্তি প্রদান কৰিব বুলি বৰকটকীয়ে আশা প্রকাশ কৰে৷

You might also like