নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহলৈ এমাহ থকা দৰা–কইনাৰ মৃত্যু

শৰাইঘাটত স্বাধীনতা দিৱসৰ দিনাই ভয়ংকৰ দুর্ঘটনা

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ এমাহ পাছত দুয়ো বান্ধ খোৱাৰ কথা আছিল সামাজিক বান্ধোনত৷ সপোন দেখিছিল এক হৈ জীৱন কটোৱাৰ৷ পিছে এই সপোন সপোন হৈয়েই ৰ’ল ছিপাঝাৰৰ দুমুনীচকীৰ ফকৰুল ইছলাম (৩৬) আৰু ৰুমিজা বেগম (২৪)ৰ৷যোৱানিশা শৰাইঘাট দলঙত সংঘটিত হোৱা এক দুর্ঘটনাত শোকাৱহভাৱে প্রাণ দিবলগীয়া হয় এই প্রেমিক যুগলে৷ বাকদত্তা ৰুমিজা বেগমক লগত লৈ বাকদত্তাৰেই অসুস্থ ভাতৃক গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা আনিবলৈ যাওঁতেই শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দা মাৰি প্রায় পঞ্চাশ ফুট তলত বাগৰি পৰে ফকৰুল ইছলামে নিজে চলাই নিয়া ছুইফট ডিজায়াৰখন৷ ফলত থিতাতে নিহত হয় দুয়োগৰাকীয়ে৷

উল্লেখ্য যে দুমুনীচকী অঞ্চলৰ মাৰুৱাচকী নিৱাসী ফকৰুল–ৰুমিজাৰ বিয়াৰ দিন ঠিক হৈ আছিল ছেপ্টেম্বৰ মাহত৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন সেই সপোন পূৰ হ’বলৈ নিদিলে এই ডেকা–গাভৰুদ্বয়ৰ৷ এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাত স্বাভাৱিকতে সমগ্র দুমুনীচকী অঞ্চল শোকস্তব্ধ হৈ পৰিছে৷ প্রণিধানযোগ্য যে ফকৰুল ইছলাম এগৰাকী উদ্যমী যুৱ ব্যৱসায়ী হোৱাৰ উপৰি স্থানীয় বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জডিত আছিল৷ দুমুনীচকী অঞ্চলৰ পোহৰ এন জি অ’ৰ সক্রিয় সদস্য আছিল৷ শোকাৱহ আৰু কৰুণ এই ঘটনাত স্থানীয় দৰং দুৱাৰ ক্লাব, দুমুনীচকী বণিক সন্থা, পোহৰ এন জি অ’ৰ লগতে বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰিছে৷
ছেৰফাংগুৰিত পথ দুর্ঘটনাত থিতাতে
মৃত্যু দুই ভাতৃৰ, গুৰুতৰভাৱে আহত এজন
কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ এলেকাধীন ৩১নং ৰাষ্ট্রীয় ঘাইপথত ড্রাক আৰু এল্ট’ গাডীৰ মুখামুখি সংঘর্ষত এল্ট’ গাডীৰ আৰোহী দীপংকৰ ৰায় (২৬) আৰু জ্যোতির্ময় ৰায় (১৭)ৰ থিতাতে মৃত্যু হয় আৰু জয়প্রকাশ ৰায় নামৰ এজন গুৰুতৰভাৱে আহত হয়৷ আহতজনক বঙাইগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰে৷ আৰু মৃত্যু হোৱা লোক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে নিহত দীপংকৰ ৰায় এছ এছ বি জোৱান আছিল৷ ছুটীত ঘৰলৈ অহাৰ পাছত আজি দুই সৰু ভাতৃক গোসাঁইগাঁও মহাবিদ্যালয়লৈ নামভর্তি কৰি দিবলৈ লৈ গৈছিল আৰু ঘূৰি অহাৰ পথত এই দুর্ঘটনাটো সংঘটিত হয়৷ মৃত্যু হোৱা লোকসকলৰ ঘৰ ছেৰফাংগুৰিতে বুলি জানিব পৰা গৈছে৷ ভাই–ককাইদ্বয়ৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷

You might also like