মুখত তুলিকা লৈ মুখ্যমন্ত্রীৰ ছবি অংকন সৌৰভৰ
সামাজিক মাধ্যমত বাসুগাঁৱৰ যুৱশিল্পীৰ সৃষ্টিক প্রশংসা ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ১৮ মেঃ চিৰাঙৰ বাসুগাঁও চহৰৰ এগৰাকী যুৱ চিত্রশিল্পী সৌৰভ মণ্ডলে (২২) অগতানুগতিক শৈলীৰে চিত্র অংকন কৰি সম্প্রতি ব্যাপক চর্চা লাভ কৰিছে৷ বাসুগাঁও চহৰৰ ১নং ৱার্ডৰ সুভাষ নগৰৰ বাসিন্দা তথা বিদ্যুৎ বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী সাধন মণ্ডল আৰু শিক্ষয়িত্রী বুলু মণ্ডলৰ একমাত্র পুত্র সৌৰভ মণ্ডলে মুখত তুলিকা লৈ মাত্র দহ মিনিটৰ ভিতৰত ওলোটাকৈ অংকন কৰিছিল ৰাজ্যৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ছবি৷ যোৱা ১৪ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা বার্তা জনাই নিজৰ ইউটিউব চেনেলত আপলোড কৰিছিল ছবিখন৷
তাৰ পিছত ১৫ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিল্পী সৌৰভ মণ্ডলৰ এই অসামান্য প্রতিভাৰ প্রশংসা কৰি নিজৰ টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্রাম পেজত শুভেচ্ছা জনায়৷ তাৰ পিছতে সমগ্র বিষয়টোৱে এক অন্য মাত্রা লাভ কৰে৷ আগৰতলাৰ ত্রিপুৰা বিশ্ববিদ্যালয়ৰ বাণিজ্যিক শাখাৰ চূড়ান্ত বর্ষৰ ছাত্র যোৱা বছৰ লকডাউনৰ সময়ত কোনোধৰণৰ আনুষ্ঠানিক চিত্রাংকনৰ প্রশিক্ষণ নোলোৱাকৈ ইউটিউবযোগে আমেৰিকাৰ এজন দিব্যাংগ শিল্পীৰ পৰা অনুপ্রাণিত হৈ হাতৰ পৰিৱর্তে মুখত তুলিকা লৈ ওলোটাকৈ চিত্র অংকন আৰম্ভ কৰিছিল৷
নির্দিষ্ট সময়ৰ ভিতৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্রতিকৃতি অংকন কৰি ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰে৷ পৰৱর্তী সময়ত লৌহ মানৱ চর্দাৰ বল্লভ ভাই পেটেল, নেতাজী সুভাষ চন্দ্র বসু, জাতিৰ পিতা মহাত্মা গান্ধী, ভগত সিঙৰ প্রতিকৃতি অংকন কৰি এছিয়ান বুক অৱ ৰেকর্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল যুৱশিল্পী সৌৰভ মণ্ডল৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্রামত প্রতিক্রিয়া ব্যক্ত কৰে৷