নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত পৃষ্ঠাপ্রমুখ এজনে নির্বাচন খেলিলেও জিকাটো নিশ্চিত

গোৱর্ধনাত শ্বহীদ ভৱন–প্রেক্ষাগৃহৰ আধাৰশিলা ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ সৰভোগ বিধানসভা সমষ্টিৰ অন্তর্গত গোৱর্ধনাত আজি শ্বহীদ ভৱনৰ লগতে মহাবিদ্যালয় প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ উল্লেখ্য যে গোৱর্ধনা আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সভাপতি অজয় নাথৰ লগতে কেইবাজনো বিষয়ববীয়াৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ২০ লাখ টকা আবণ্টন দিয়া শ্বহীদ ভৱন আৰু গোৱর্ধনাস্থিত জি কে বি কলেজৰ প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰি স্থানীয় ৰাইজ তথা জি কে বি কলেজৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সৰভোগ সমষ্টিত ইতিমধ্যে ৫০০ কোটি টকাৰ উন্নয়নৰ কাম কৰাৰ লগতে কেইবাটাও বৃহৎ বৃহৎ প্রকল্প অনুমোদন কৰাৰ কথা উল্লেখ কৰে৷

সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয়– ‘বদৰুদ্দিন আজমল ৰাজনৈতিক আগ্রাসন কৰা ব্যক্তি৷ দেশীয় মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ খর্ব কৰিছে৷ ২০২১ৰ নির্বাচনত বুজি উঠিব মুছলমান মানেই কংগ্রেছ নহয়৷ মুছলমান মানেই এ আই ইউ ডি এফ নহয়৷ আজিৰ ইছলাম ধর্মীয় ল’ৰা–ছোৱালীসকল বিবেকৱান হৈছে৷ তেওঁলোকে জানে প্রধামন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতি’৷ সৰভোগ সমষ্টিত বিজেপি দলৰ এজন পৃষ্ঠাপ্রমুখে নির্বাচনত অৱতীর্ণ হ’লেও জিকাটো নিশ্চিত বুলি দাবী কৰে সভাপতি ৰঞ্জিত কুমা দাসে৷ উল্লেখ্য যে ১১ ফেব্রুৱাৰীত দলঙৰ আধাৰশিলা স্থাপন কৰিব মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like