চেঁচা নৈত উদ্ধাৰ সৌৰভৰ মৃতদেহঃ শৰীৰত আঘাতৰ স্পষ্ট চিন
কি হৈছিল ১৯ জুনৰ নিশা
লেজাইৰ দেৱানবাৰী অঞ্চলৰ ব্যৱসায়ী দিলীপ দাসৰ কনিষ্ঠ পুত্র সৌৰভ দাসে যোৱা ১৯ জুনৰ নিশা প্রায় ৮ বজাত নিজ গৃহৰ পৰা স্কুটীখন লৈ ওলাই গৈ সন্ধানহীন হৈ আছিল৷ পিতৃ দিলীপ দাসে আজি ঘটনাস্থলীত ‘নিয়মীয়া বার্তা’ক কয় যে নিশা ১২মান বজাত ঘৰৰ দুৱাৰমুখত কোনোবাই চিঞৰ মৰাত তেওঁ বাহিৰলৈ ওলাই আহিছিল৷ দুৱাৰমুখত ৰৈ আছিল লেজাইৰ গেলামালৰ ব্যৱসায় কৰা ৰহিমুদ্দিন আৰু ককায়েক আকবৰ আলী৷ দুয়োজনে সৌৰভে চেঁচা নৈত জাঁপ মৰা বুলি কোৱাত হতভম্ব হৈ পৰে তেওঁ৷ সৌৰভৰ কোঠালিত পুত্রক দেখা নাপাই গাঁৱৰ দুজনমান লোকক লৈ তেওঁ ওলাই আহে৷ কিন্তু সৌৰভে নৈত জাঁপ দিলে কিয়? ইয়াৰ উত্তৰত ৰহিমুদ্দিনৰ ভাষ্যই সন্দেহ ঘনীভূত কৰি তোলে৷ ৰহিমুদ্দিনৰ মতে নিশা কোনোবাই তেওঁলোকৰ ঘৰৰ খিৰিকীৰে হাত সুমুৱাইছিল৷ তেওঁলোকে চিঞৰ–বাখৰ কৰাত ভয়তে সৌৰভে নৈত জাঁপ মাৰি দিয়ে৷ স্বাভাৱিকতেই এই ভাষ্যত পতিয়ন নগ’ল পিতৃ দিলীপ দাস৷ ৰহিমুদ্দিনৰ ঘৰত প্রৱেশ কৰিয়েই তেওঁ বাৰাণ্ডাত তেজৰ কিছুমান চেকুৰা দেখা পায়৷ দিলীপ দাসে আৱেগিক হৈ কয়–‘সিহঁতে মোৰ ল’ৰাক পৰিকল্পিতভাৱে হত্যা কৰিছে, ইয়াত অলপো সন্দেহ নাই৷ সেয়ে হত্যাকাৰীৰ কঠোৰ শাস্তি হ’ব লাগে৷’ সৌৰভৰ খুৰাক মনোজ দাসেও অনুৰূপ মন্তব্য কৰি কয় যে ইমান নির্দয়ভাৱে এটা ল’ৰাক পৰিকল্পিতভাৱে হত্যা কৰি নৈত পেলাই দি, হত্যাকাৰীয়ে নিজই পৰিয়ালক খবৰ দি অহাটো কিমান নিষ্ঠুৰ হ’ব পাৰে, সেয়া বুজাই নক’লেও হ’ব৷ এনে হত্যাকাৰীক শীঘ্রে ফাঁচি দিব লাগে৷ তেতিয়াহে সৌৰভৰ আত্মাই শান্তি পাব৷ উল্লেখ্য যে ডিব্রুগড় চহৰৰ পৰা প্রায় ২৫ কিলোমিটাৰ নিলগৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তর্গত লেজাইত সৌৰভ দাস নামৰ যুৱকজনক হত্যা কৰি চেঁচা নৈত উটুৱাই দিয়াৰ গুৰুতৰ অভিযোগক লৈ লেজাইত আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ যোৱানিশা কোনো লোকে দেৱানবাৰী অঞ্চলত এখন বুলেট জ্বলাই দিয়া ঘটনাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ সেয়ে জিলা প্রশাসনে তৎকালে বলৱৎ হোৱাকৈ সমগ্র দেৱানবাৰীৰ পৰা লেজাইলৈকে ১৪৪ ধাৰা জাৰি কৰে৷ স্মর্তব্য যে ১৯ জুনত কেইবাশ লোকে ৰহিমুদ্দিনৰ বাসগৃহ লণ্ডভণ্ড কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে৷ পাছত আৰক্ষী উপস্থিত হৈ উত্তেজিত জনতাক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰাত কেইবাজনো লোক আহত হয়৷
হত্যাকাৰীৰ জীয়ৰীয়ে সৌৰভক ফোন কৰি মাতিছিল কিয়?
অভিযোগ মতে, ডিব্রুগড়ৰ লেজাই দেৱানবাৰীৰ সৌৰভ দাস নামৰ যুৱকজনক ৰহিমুদ্দিন আলীৰ নৱম শ্রেণীত পঢ়ি থকা জীয়ৰীয়ে মাতৃৰ ম’বাইল ফোনৰ পৰা ফোন কৰি মাতিছিল বুলি অভিযোগ উঠিছে৷ স্থানীয় একাংশ লোকৰ মতে ৰহিমুদ্দিনৰ নৱম শ্রেণীত পঢ়া জীয়ৰীৰ স’তে প্রণয় আছিল সৌৰভৰ৷ সেয়ে হয়তো প্রেমিকাই ফোন কৰাত অলপো সন্দেহ নকৰি স্কুটী লৈয়ে নিজ গৃহৰ পৰা প্রায় ডেৰ কিলোমিটাৰ নিলগত থকা লেজাইৰ ৰহিমুদ্দিনৰ ঘৰত নিশা প্রায় ৮ বজাত উপস্থিত হৈছিল সৌৰভ৷ ৰহিমুদ্দিনৰ গৃহত প্রকৃততে হৈ হৈছিল সেয়া জানিব পৰা হোৱা নাই যদিও তেওঁক চোকা অস্ত্রৰে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ পাছত মৃত্যু নিশ্চিত কৰিবলৈকে ফেনে–ফোটোকাৰে বাঢ়ি অহা চেঁচা নৈত সৌৰভক পেলাই দিয়া হৈছিল বুলি স্থানীয় লোকে সন্দেহ প্রকাশ কৰে৷
ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ নিলগত উদ্ধাৰ সৌৰভৰ স্কুটী
লক্ষণীয় যে ৰহিমুদ্দিনৰ ঘৰৰ পৰা ৫০০ মিটাৰ নিলগত ৰখাই থোৱা আছিল সৌৰভৰ স্কুটী৷ তেওঁৰ পিতৃয়ে দাবী কৰে যে সকলোকে বিপথে পৰিচালিত কৰিবলৈয়ে ৰহিমুদ্দিনৰ পৰিয়ালে নিজে স্কুটীখন বৰদৈবাম তিনিআলিলৈ নি ৰাখি থৈছিল৷ যদি সৌৰভ সঁচাই ৰহিমুদ্দিনৰ ঘৰলৈ গৈছিল, তেন্তে স্কুটীখন ইমান দূৰ পালেগৈ কেনেকৈ– প্রশ্ন কৰে পিতৃ দিলীপ দাসে৷ উল্লেখ্য, ৰহিমুদ্দিনৰ ঘৰ চেঁচা নৈৰ পৰা মাত্র ১৫ মিটাৰ নিলগত৷
সৌৰভৰ প্রেমেই কাল হ’ল নেকি?
এগৰাকী অধর্মীয় নাবালিকাৰ সৈতে প্রেম কৰাটোৱেই সৌৰভৰ বাবে কাল হৈ পৰিল নেকি? স্থানীয় লোকৰ ভাষ্য মতে, সৌৰভৰ সৈতে ৰহিমুদ্দিনৰ নাবালিকা জীয়ৰীৰ বিগত তিনি বছৰ ধৰি প্রেম আছিল যদিও কোনো কলুষতা নাছিল৷ তেওঁলোকৰ প্রেমত ৰহিমুদ্দিনৰ পৰিয়ালে সন্মতি দিয়া নাছিল৷ সম্ভৱতঃ সেয়ে সৌৰভক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল৷ অৱশ্যে আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হ’ব৷ আৰক্ষীয়ে ৰহিমুদ্দিন আৰু তেওঁৰ ককায়েক আকবৰক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে, মৰাণ সমষ্টিৰ বিধায়ক চক্র গগৈয়ে সৌৰভৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত উপস্থিত থাকি ‘নিয়মীয়া বার্তা’ক কয় যে এয়া পৰিকল্পিত হত্যাকাণ্ড৷ এগৰাকী সুঠাম যুৱকক বর্বৰভাৱে হত্যা কৰি নৈত পেলাই দিয়া হ’ল৷ সকলো দোষীয়ে উপযুক্ত শাস্তি পাবই লাগিব৷ ইয়াৰ কোনো বিকল্প নাই৷ এছ ডি আৰ এফ, আৰক্ষী আৰু জিলা প্রশাসনে বিশেষ তৎপৰতাৰে কৰা কর্মক বিধায়ক চক্র গগৈয়ে শলাগ লয়৷