নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত ষ্টেট বেংক অফ ইণ্ডিয়াৰ ‘অভয়পুৰ শাখা’ মুকলি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ দেশৰ অৰ্থনীতিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এক যোগাত্মক অৰিহণা যোগাই আহিছে৷ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভিতৰত ৰাইজৰ মাজত ষ্টেট বেংক অতি জনপ্ৰিয়৷ গাঁও-চহৰ সকলোতে ষ্টেট বেংক এটি পৰিচিত নাম ৷

আজি কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ অভয়পুৰত গ্ৰাম্য শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ নেটৱৰ্ক একৰ মহা প্ৰৱন্ধক সুৰঞ্জনা দত্ত এই মন্তব্য কৰে৷ তেওঁ আৰু লগতে কয় যে বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকল এটা পৰিয়ালৰ দৰে হ’ব লাগে৷ তেতিয়াহে উভয়ৰে মংগল হয়৷ লগতে মহিলা সবলীকৰণত ষ্টেট বেংকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে অভয়পুৰ গ্ৰাম্য শাখাটো মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হব।জনতাৰ ধন সুৰক্ষিত ৰাখি উত্তম সেৱা প্ৰদান কৰা ষ্টেট বেংকৰ লক্ষ্য। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা সুৰঞ্জনা দত্ত, উপ মহা প্ৰৱন্ধক সুৰভি ভট্টাচাৰ্য,ডিজিএম(bno) মদন এল এচ, শাখা প্ৰৱন্ধক সৰোজিনী বৰুৱা প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে।

সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া থানেশ্বৰ শৰ্মা, ষ্টেট বেংক অৱসৰ প্ৰাপ্ত বিষয়া বিশ্বজিৎ বৰুৱা, পৱেন পাঠক, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ দাসে বক্তব্য ৰাখি কয় যে ষ্টেট বেংকে কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ উপৰি সমাজৰ আৰ্থিকভাৱে পিচপৰি থকা পুৰুষ-মহিলা, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী সকলোকে আগবঢ়াই নিয়াৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে, সেয়া অতিকৈ প্ৰশংসনীয়৷ উত্তৰ গুৱাহাটী অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশা এটা আজি পূৰণ হ’ল ৷কাৰণ বৃহত্তৰ উত্তৰ গুৱাহাটীবাসী অঞ্চলৰ গ্ৰাহকে নিতৌ টকা-পইচা লেনদেন তথা ৠণ, পেঞ্চন ধন মোকলাবলৈ ষ্টেট বেংকৰ শাখাৰ অভাৱ গুৱাহাটী অথবা আমিনগাঁৱলৈ যাব লগা হৈছিল ৷ যাৰ বাবে গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হৈছিল৷ এতিয়া সেই সমস্যাৰ অন্ত পৰিল৷

এতিয়া গুৱাহাটীত থকা অৱসৰপ্ৰাপ্ত লোকসকলে তেওঁলোকৰ একাউণ্ট এই শাখালৈ আনিব পাৰিব । ৰাইজে এই শাখাৰ পৰা ঘৰ বনাবলৈ, দুচকীয়া, চাৰিচকীয়া, শিক্ষা বাবে, দোকান ব্যৱসায় কৰিবলৈ, খেতিয়কে খেতিৰ বাবে কৃষি ঋণ লবলৈ সুবিধা পাব ।

একেদৰে এই অঞ্চলৰ মহিলাসকলেও যাতে ক্ষুদ্ৰ সঞ্চয় আৰু ঋণ গ্ৰহন কৰি পুৰুষৰ সমানে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবেও ষ্টেট বেংকৰ আকৰ্ষণীয় আঁচনি আছে বুলি জানিব পৰা গৈছে ৷ সভাৰ অন্তত উপ মহা প্ৰৱন্ধক সুৰভি ভট্টাচাৰ্যই ষ্টেট বেংক অফ ইণ্ডিয়া বেংকৰ বিষয়া সফলতাৰ খতিয়ান দাঙি ধৰে৷ শাখাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে উপস্থিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শচীন ভূঞা, সম্পাদক পবিত্ৰ বৰুৱা, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক কুকিল বৰুৱা, সমাজকৰ্মী কুলেন বড়ো প্ৰমুখ্যে বহুতো ব্যক্তি, গ্ৰাহক উপস্থিত থাকে৷

You might also like