মৰিগাঁৱত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত কেলেংকাৰি
সাহিত্য সভাৰ একাংশ বিষয়ববীয়া ব্যৰ্থ ২ লাখ ৫০হাজাৰ টকাৰ হিচাপ দাখিলত
নিয়মীয়া বাৰ্তা, ২১ জুনঃ অসমীয়া ভাষা সাহিত্যৰ মাধ্যমেৰে প্ৰতিটো মুহূৰ্তত অসমীয়া জাতিক মূৰ দাঙি থিয় হ’বলৈ সাহস যোগোৱা অসমীয়া ভাষা-সাহিত্যৰ মহান কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি চৰম অপমান কৰা হ’ল খোদ অসমীয়া জাতিৰ জীৱন ৰেখা অসম সাহিত্য সভাৰ এখন বিশেষ মজিয়াত।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান এসময়ৰ অভিবক্ত নগাওঁ আৰু বৰ্তমানৰ মৰিগাঁও জিলাৰ আহতগুৰি। কিন্তু চৰম পৰিতাপৰ বিষয় যে সাহিত্যৰথীৰ এই পৱিত্ৰ জন্মস্থান ইতিহাস বুকুত লৈ অসম সাহিত্য সভাত প্রতিনিধিত্ব কৰা মৰিগাঁও জিলা সাহিত্য সভাৰ একাংশ প্ৰাক্তন বিষয়ববীয়া আৰু বৰ্তমানৰ বিষয়ববীয়াৰ আমোলত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত মৰিগাঁও জিলা পৰিষদৰ পৰা আবণ্টিত হোৱা ২ লাখ ৫০ হাজাৰ টকাৰ হৰলুকী হোৱাৰ তথ্য ফাদিল হোৱাৰ লগে লগে একপ্ৰকাৰে সমগ্ৰ মৰিগাঁও জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইতিমধ্যে মৰিগাঁও জিলাৰ গছৰগুৰি অঞ্চলৰ এজন সচেতন যুৱক দিগন্ত ডেকাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে মৰিগাঁও জিলা পৰিষদে মৰিগাঁও জিলা সাহিত্য সভাৰ চৌহদত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ২০১৫-১৬ বিত্তীয় বৰ্ষত বি আৰ জি এফ আঁচনিৰ অধীনত ২ লাখ ৫০ হাজাৰ টকা আবণ্টন দিছিল। উক্ত ধনৰাশি কোনো কাম আৰম্ভ নৌহওঁতেই এম জি পি৬৩০/২০১২-১৩/৪৯১ দিনাংক২০-০৮-২০১৬ নং পত্ৰৰ জৰিয়তে মৰিগাঁও জিলা সাহিত্য সভাৰ একাউন্টলৈ হস্তান্তৰ কৰিছিল।
উক্ত সময়ছোৱাত মৰিগাঁও জিলা সাহিত্য সভাৰ নেতৃত্বত আছিল সভাপতি হৰেন্দ্ৰ বৰা, সম্পাদক অজিত শৰ্মা আৰু কোষাধ্যক্ষ পিনাকী ভূষণ মহন্ত। ।কিন্তু পৰিতাপৰ বিষয় এই যে উক্ত চৰকাৰী ধনৰাশি লাভ কৰাৰ পিছতো মৰিগাঁও জিলা সাহিত্য সভাৰ চৌহদত স্থাপন নহ’ল সাহিত্যৰথীৰ প্ৰতিমূৰ্তি। ইতিমধ্যে সম্পাদক অজিত শৰ্মাৰ কাৰ্যকালতে বেংক ৰ পৰা উঠোৱা হ ‘ল উক্ত ধনৰাশি।
কিন্তু প্ৰশ্নটো হ’ল কত খৰচ কৰা হ’ল এই ধন। মৰিগাঁও জিলাৰ গছৰগুৰি অঞ্চলৰ যুৱক দিগন্ত ডেকাই আৰ টি আই তথ্যৰ জৰিয়তে গুমৰ ফাঁক কৰি দিয়াৰ পিছতে তৎকালিনভাৱে মৰিগাঁও জিলা সাহিত্য সভাই জ্যেষ্ঠ সাহিত্যিক নৱকান্ত বৰদলৈ, মিলেশ্বৰ পাতৰ আৰু মহেন্দ্ৰ শইকীয়াক লৈ এখন তিনিজনিয়া তদন্ত কমিটি গঠন কৰি দিয়াৰ পিছত শেহতীয়াকৈ তদন্ত কমিটি খনে নিজৰ প্ৰতিবেদন মৰিগাঁও জিলা সাহিত্য সভাক দাখিল কৰিছে।
জানিব পৰা মতে, উক্ত প্ৰতিবেদনখনে কেলেংকাৰি সংঘটিত হোৱাৰ স্পষ্ট প্ৰমাণ তথ্যসহকাৰে দাখিল কৰাৰ লগতে অসমীয়া সাহিত্যৰ মহান কাণ্ডাৰীজনৰ নামত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰি ক’লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে। আনহাতে মৰিগাঁও জিলা সাহিত্য সভাৰ মজিয়াত সংঘটিত হোৱা এই লজ্জাজনক কাণ্ডৰ জড়িত দোষী ব্যক্তি কেইজনৰ শাস্তিৰ দাবীত আৰ টি আই আবেদনকাৰী দিগন্ত ডেকাই মৰিগাঁও জিলা আদালতত এক গোচৰ ৰুজু কৰিছে।
ইতিমধ্যে আদালতত ফালৰ পৰা মৰিগাঁও আৰক্ষীলৈ সমস্ত ঘটনাটো তদন্তৰ নিৰ্দেশ দিছে আৰু আদালতৰ নিৰ্দেশৰ আধাৰত মৰিগাঁও সদৰ থানাই চি আৰ ২৫৬/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰিছে। আনহাতে মৰিগাঁও জিলা পৰিসদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াই সাহিত্যৰথীৰ প্ৰতিমূৰ্তি স্থাপনৰ নামত তেওঁলোকৰ দ্বাৰা আবন্তিত চৰকাৰী ধন ৰাশি কত খৰচ কৰা হৈছে সেই সন্দৰ্ভত প্ৰতিমূৰ্তিৰ ফটোসহ বিতং তথ্য বিচাৰি এম জেড পি ৬৩০/২০১২-১৩/২২৪ নং পত্ৰ প্ৰেৰণ কৰাৰ পিছ্ত ভূমিকম্পৰ সৃষ্টি হৈছে মৰিগাঁও জিলা সাহিত্য সভাৰ মজিয়াত।
উল্লেখ্য অসমীয়া ভাষা সাহিত্যৰ এই মহান কাণ্ডাৰী জনৰ নামৰ ধন আত্মসাত্ কৰিবলৈ কুণ্ঠাবোধ নকৰা সাহিত্য সংগঠকৰ বিৰুদ্ধে মৰিগাঁওৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মৰিগাঁও ৰ সচেতন ৰাইজে। ইফালে এই সমস্ত কেলেংকাৰি ফাদিল কৰা সচেতন যুৱক দিগন্ত ডেকাক কেবাটাও প্ৰতিক্ৰিয়াশীল চক্ৰই বিভিন্ন প্ৰকাৰে গোচৰটো উঠাই লবলৈ হেঁচা প্ৰয়োগ কৰা বুলি জানিবলৈ দিছে। কিন্তু কোনো প্ৰলোভন আৰু হেঁচাৰ ওচৰত যুৱকজন নতশিৰ নহয় বুলি ঘোষণা কৰিছে।
উল্লেখ্য এই কেলেংকাৰিৰ সৈতে জড়িত ব্যক্তিকেইজন সম্পৰ্কত মৰিগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বক ৰাইজৰ ওচৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে সচেতন মৰিগাঁওবাসীয়ে। নহ’লে সাহিত্যৰথীক অপমানিত কৰাসকলৰ কু-কীৰ্তিৰ কলা ইতিহাসে চিৰদিন মৰিগাঁও জিলা সাহিত্য সভাক অনাকাংক্ষিতভাৱে কলংকিত কৰি থাকিব ।