কৃষিকৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক
- ২৬ বছৰে এটকা দৰমহা নোপোৱা আব্দুল গফুৰ শেখে কৃষিকৰ্মেৰে পোহপাল দিছে নিজ পৰিয়ালক
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ এক উজ্জ্বল চানেকি ৰূপে জিলিকি উঠিছে ধুবুৰীৰ এগৰাকী ব্যক্তি। পেচাত এখন অপ্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক তেওঁ। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা পঞ্চম খণ্ডৰ সেনাউল্লা এম ই স্কুলৰ শিক্ষক আব্দুল গফুৰ সেখ নামৰ সেই লোক গৰাকী। বিগত ২৬ বছৰে এপইচাও দৰমহা পোৱা নাই তেওঁ। ৰাজ্যৰ কৃষিখণ্ডত লুকাই থকা অসীম সম্ভাৱনাৰ এক দৃষ্টান্তৰূপে কৃষিকৰ্মকে উপাৰ্জনৰ পথৰূপে বাচি লৈছে শেখে। কৃষিকৰ্মৰে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ উপৰিও উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত দুই পুত্ৰ পঢ়াশুনাৰো ব্যয়ভাৰো বহন কৰি আছে তেওঁ। ধুবুৰীৰ ধৰ্মশালা পঞ্চম খণ্ডৰই বাসিন্দা আব্দুল গফুৰ শেখে নিজৰ পাঁচ বিঘা খেতিভূমিত এইবাৰ ফুলকবি, বন্ধাকবি, বিলাহী, বেঙনা, আলু আৰু বৰকলিৰ খেতি কৰিছে। উল্লেখ্য যে,নিতৌ ৰাতিপুৱা ৫ টাৰ পৰা আৰম্ভ হয় তেখেতৰ দৈনন্দিন কৰ্মজীৱন। পুৱা ৫টাত বিছনাৰ পৰা উঠি কৃষি কাৰ্য্যত নামি পৰে তেওঁ। ৮ বজাৰ ল’গে ল’গে নিজৰ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ কৰ্তব্য সামৰি দুপৰীয়া ২টা মান বজাত দুপৰীয়াৰ আহাৰ খায় তেওঁ আৰু পুনৰায় আৰম্ভ হয় তেখেতৰ কৃষি কৰ্মৰ কাম। মাজতে ক’ৰণা কালত বহু অনাটন- অসুবিধাৰ সন্মুখীন হৈছিল যদিও যোৱা বছৰ ধানখেতি কৰি আৰ্থিক ভাৱে লাভৰ সন্মুখীন হৈছে তেওঁ। এইবেলি পাচলি খেতিৰে বছৰটোত দুই-আঢ়ৈ লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি আশা শেখৰ। অৱশ্যে তেখেতৰ মনত আছে এক সুপ্ত বেদনাও; উদয়াস্ত কষ্ট কৰি কৰা শাক-পাচলিৰ বজাৰত উপযুক্ত দাম নোপোৱাৰ।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী