নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ–বিধায়কসহ ৬ হাজাৰ অতিথিক ‘সিধা’ প্রদান

বামুন্দী ৰাইজ গয়ৰহৰ ঐতিহাসিক সভাগন্ধ উৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ হাজোৰ বামুন্দী ৰাইজ গয়ৰহৰ উদ্যোগত পৰম্পৰাগতভাৱে উদ্যাপন কৰি অহা ধর্মীয় লোক উৎসৱ সভাগন্ধ উৎসৱটি এক উদুলি–মুদুলি পৰিৱেশৰ মাজেৰে আজি সন্ধিয়া সামৰণি পৰে৷ দুদিনীয়াকৈ বামুন্দী শ্রীশ্রীগোপালেশ্বৰ গোসাঁই ঘৰ প্রাংগণত অনুষ্ঠিত সভাগন্ধৰ কালি পুৱা আঠ বজাত বামুন্দী ৰাইজ গয়ৰহৰ সভাপতি সভাৰাম কলিতাই পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে গোপালেশ্বৰ গোসাঁই ঘৰত বন্তি প্রজ্বলন কৰাৰ অন্তত ৰাইজে সংৰক্ষিত কৰি ৰখা বিলত সমূহীয়াভাৱে মাছ ধৰা পর্ব আৰম্ভ হয়৷ সন্ধিয়া গোপালেশ্বৰ গোসাঁই ঘৰত মালোৱা (এক বিশেষ ধৰণৰ সৰিয়হৰে জ্বলোৱা চাকি) জ্বলোৱা হয়৷ নিশা সাত বজাৰ পৰা পশ্চিম বংশৰ মৌজাৰ অন্তর্গত ষোল্লখনকৈ গাঁৱৰ নিমন্ত্রিত অতিথিসকলক ‘সিধা’ (চাউল, মাছ, তৰকাৰী, মা–মচলা, তামোল–পাণ, খৰি) দিয়া পর্ব আৰম্ভ হয়৷ এই সিধা দিয়া পর্ব মুকলি কৰে গুৱাহাটীৰ সাংসদ কুইন ওজাই৷

সিধা দিয়া পর্ব মুকলি কৰি সাংসদগৰাকীয়ে কয়, বামুন্দীৰ ৰাইজে পৰম্পৰাগতভাৱে উদ্যাপন কৰি অহা এই সিধা দিয়া কার্যই মানুহৰ মনৰ পৰা হিংসা আঁতৰোৱাৰ লগতে এক সম্প্রীতিৰ নিদর্শন দেখুৱাই আহিছে৷ তেওঁ এনে পৰম্পৰা অসমৰ কোনো ঠাইতে নাই বুলি মত পোষণ কৰি অভিভূত হৈ পৰে৷ অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রচাৰপ্রমুখ শংকৰ দাসে বামুন্দী ৰাইজে পূর্বপুৰুষৰ পৰম্পৰাক আজিও জীয়াই ৰখাৰ বাবে কৃতজ্ঞতা জনায়৷ অনুষ্ঠানত এমড্রনৰ উপ–সঞ্চালক দীনমণি ভাণ্ডাৰ কায়স্থই বামুন্দী ৰাইজৰ সভা–গন্ধ উৎসৱ অসমৰ ইতিহাসত সদায় জিলিকি থাকিব বুলি মন্তব্য কৰে৷ আনহাতে সাংসদগৰাকীৰ সৈতে বিজেপি নেতা ৰাতুল শর্মা, পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা, জিলা পৰিষদৰ সদস্য বিপুল দাস, বিশিষ্ট ব্যৱসায়ী উমেশ চন্দ্র দাস, সমাজকর্মী দামোদৰ চৌধুৰী, দিলীপ কলিতা, প্রাক্তন মন্ত্রী নুৰুল হুছেইন উপস্থিত থাকি সিধা গ্রহণ কৰে৷ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে বামুন্দী ৰাইজ গয়ৰহৰ সভাগন্ধৰ ওপৰত এখন ডকুমেণ্টৰী প্রস্তুত কৰিব বুলি প্রকাশ কৰে৷

ইফালে নিশা সিধা দিয়া পর্ব চলি থকাৰ মাজতে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, বিজেপি নেতা নিবাৰণ লহকৰ, নৱজ্যোতি দাস উপস্থিত হৈ ৰাইজৰ লগত শাৰী পাতি সিধা গ্রহণ কৰে৷ বিধায়িকাগৰাকীয়ে বামুন্দী ৰাইজ গয়ৰহৰ এই সিধা দিয়া উৎসৱ অসমৰ ভিতৰতে বিৰল বুলি উল্লেখ কৰি বামুন্দীৰ বাৰশটা পৰিয়ালে এই বিশেষ দিনটোত স্বতঃস্ফূর্তভাৱে সহযোগিতা আগবঢ়োৱাৰ নিদর্শন অসমত ক’তোৱেই পাবলৈ নাই বুলি মন্তব্য কৰে৷ আজি বিয়লি তিনি বজাত ৰৌমাৰী গোপাল সেৱক ঢুলীয়া দলৰ অনুষ্ঠানৰে সভাগন্ধৰ সামৰণি পৰে৷ এই দুয়ো দিনৰ কার্যসূচীত পশ্চিম বংশৰ মৌজাৰ প্রায় ছয় হাজাৰ অতিথিক সিধা দিয়া বুলি সম্পাদক নিকুঞ্জ কুমাৰ শর্মাই জানিবলৈ দিয়ে৷

You might also like