নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিদলীত মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিশাল বাইক ৰেলী

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে  বি পি এফ দলে প্ৰাৰ্থী তালিকা ৰাজহুৱা ভাৱে প্ৰকাশ কৰাৰ পূৰ্বেই ৩১ নং চিদলী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মই আজি নিৰ্বাচনী ৰনডংকা বজায়। চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা বিপিএফ কাৰ্য্যালয়ৰ সন্মুখৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত মন্ত্ৰী ব্ৰহ্মই বিশাল মটৰচাইকেল সমদল উলিয়ায়। ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তেওঁৰ সপক্ষে ভোটাৰ ৰাইজৰ ভোট আদায় কৰিবলৈ আজি গৃহ সমষ্টি ৩১ নং চিদলী বিধান সভাৰ বিভিন্ন গাঁৱে-ভুঁঞে দলীয় কৰ্মী আৰু সমৰ্থকৰ বিশাল বাইক ৰেলী জৰিয়তে পৰিভ্ৰমণ কৰি সমষ্টিটোত ৰণডংকা বজায়।

মন্ত্ৰী ব্ৰহ্মই নিজে মটৰচাইকেল চলাই মটৰচাইকেল সমদলৰ  নেতৃত্ব দি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে  চাপাগুৰি হৈ আমগুৰি , কয়লা ময়লা, দেওশ্ৰী হৈ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীঙত প্ৰৱেশ কৰে। মন্ত্ৰী ব্ৰহ্মই খুংগ্ৰীঙত এখন নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহন কৰে। চিদলীৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ  হোৱাটো খাটাং বুলি নিজৰ মন্তব্য প্ৰকাশ কৰে। আজিৰ বাইক ৰেলীটো বাঙালডোবাত সামৰণি মাৰে।

You might also like