নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তীত বৰ্ণিল সাংস্কৃতিক সমদলৰে মুখৰ বিশ্বনাথৰ ৰাজপথ

বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ বৰ্ণিল আৰু বৈভৱ পূৰ্ণ সাংস্কৃতিক সমদলৰে আজি মুখৰ হৈ পৰিল বিশ্বনাথৰ ৰাজপথ। আজি বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰাত ভাস্বৰ হৈ উঠিল বিশ্বনাথৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নজহা নপমা সোণসেৰীয়া পৰম্পৰা। আজি পুৱাৰে পৰা আগন্তুক পাঁচ দিনলৈ বিশ্বনাথৰ ৰেলগেট ৰাস বাকৰি হৈ পৰিব দ্বিতীয় বৃন্দাবন। আজি ৰূপালী জয়ন্তীৰ প্ৰথম কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই। হাজৰিকাই ভাষণ প্ৰসংগত বিশ্বনাথৰ ৰাসক পৰ্যটনৰ আধাৰ ৰূপে গঢ় দিয়াৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰে। আনহাতে স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত বৰাই। ইয়াৰ পিছতে বিশাল সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই। উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকিয়ে বিশ্বনাথৰ বৰ্ণিল সংস্কৃতি এই শোভাযাত্ৰাত উদ্ভাসিত হ’ব বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰৰে সমৃদ্ধ প্ৰায় তিনি কিলোমিটাৰ দীঘল এই শোভাযাত্ৰাত গায়ন বায়ন জোৰা, বড়ো নৃত্য  কাৰ্বি নৃত্য, বিহু নাচ, জিকিৰ, চাওতালী নৃত্য, গোৰ্খা নৃত্য, গাড়ো নৃত্য, বালি সুগ্ৰীব, ৰাম ৰাৱণৰ যুদ্ধ, কৃষ্ণ নৃত্য, বেংগলী, দিহানামৰ দল, কৃষ্ণ গোপীৰ দল আদিক আগবঢ়াই নিয়ে দুটাকৈ গজৰাজে। বিশ্বনাথ চাৰিআলি নগৰ পৰিভ্ৰমণ কৰি পুণৰ ৰাস বাকৰিলৈ ঘূৰি অহা সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বিশ্বনাথ জিলা আৰক্ষীৰ অতিৰক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই। ইফালে আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে উত্তৰ চাৰিআলি সাৰ্জনীন ৰাসোৎসৱৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিশ্বনাথৰ ৰেলগেটত থকা সুধাকণ্ঠৰ মূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াই।উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গৌতম দাধৰাই আঁ‌ত ধৰা অনুষ্ঠান সমূহত প্ৰদৰ্শনী উপ সমিতিৰ সভাপতি কন্দৰ্প হাজৰিকা,সম্পাদক বিক্ৰম বিকাশ বৰা,অনুজ দাস,প্ৰদৰ্শনী উপসমিতিৰ সভাপতি মহেন্দ্ৰ শৰ্মা,সম্পাদক পুলক হাজৰিকা আৰু প্ৰাঞ্জল বৰাৰ লগতে অতুল ভূঞা,মুকুল শৰ্মা,তৰুণ বৰা আদিয়ে সহযোগিতা আগবঢ়ায়।তদুপৰি পুৱা মূল তোৰণ উন্মোচন কৰে মুকুল শৰ্মা আৰু তৰুণ বৰাই।
প্ৰেৰক জয়ন্ত বৰা
You might also like