চিমেন চাপৰিত অগ্নিকাণ্ড, ভস্মীভূত প্ৰায় ৪লাখ টকাৰ সামগ্ৰী
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ চিমেন চাপৰি আৰক্ষী থানাৰ চমকঙ লকলুং গাঁৱৰ তৰুণ পেগুৰ পুত্ৰ বাবাই পেগুৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। বাবাই পেগু ঘৰত নথকা সময়ত তেওঁৰ পত্নীয়ে কাষতে কাপোৰ বৈ অৱস্থাতে পুৱা ৯ বজাত পূজা অৰ্চনা কৰা উপাসনাস্থলীত জ্বলাই ৰখা চাকিৰ পৰাই জুই সম্প্ৰসাৰণ হৈ গোটেই পকী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ খবৰ পাই এঘন্টাৰ পিছত অগ্নিনিৰ্ব্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয় যদিও বাবাই পেগুৰ বাসগৃহৰ সমস্ত বয় বস্তু ভস্মিভূত হৈ যায়। বাবাই পেগু এগৰাকী পশু ধনৰ ব্যৱসায়ী হোৱা সূত্ৰে ঘৰত ৰখা থকা নগদ চাৰি লাখ টকাও অগ্নিকাণ্ডত ভস্মিভূত হৈ যায়। কেবালাখ টকাৰ মূল্যৰ সম্পত্তি অগ্নিকাণ্ডৰ ফলত নষ্ট হোৱা ঘটনাই পৰিয়ালটোলৈ হাহাকাৰ পৰিস্থিতি কঢ়িয়াই আনিছে।