নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্ণিমাৰ নিশা কালী গোসাঁনীৰ নামত ৭ বছৰীয়া শিশু কন্যাক বলি

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: মাত্র দহটা দিন পূর্বে চৰাইদেউ জিলাৰ চফ্রাই চাহ বাগিচাৰ চিংলোত এগৰাকী পাঁচ বছৰীয়া ফুলকুমলীয়া কন্যা শিশুক অন্ধবিশ্বাসৰ বশৱর্তী হৈ স্বয়ং পিতৃৰ সহযোগত কালী সাধকে নৰবলি দিয়া ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কালি সংঘটিত অনুৰূপ ঘটনাত জিলাখনৰ অসম–নাগালেণ্ড সীমান্তৱর্তী টিঙালীবাম চাহ বাগিচাত চেপা উত্তেজনা আজিও বিৰাজ কৰিছে৷

সোণাৰি আৰক্ষীয়ে কালি নিশাই হত্যাকাণ্ডটোৰ বলি হোৱা বাগিচাখনৰ ১৩নং লাইন নিৱাসী মঙলু তাঁতী আৰু মনেশ্বৰী তাঁতীৰ তৃতীয় কন্যা সন্তান তথা পঞ্চম শ্রেণীৰ ছাত্রী আলিয়া তাঁতীৰ ক্ষত–বিক্ষত মৃতদেহ উদ্ধাৰ কৰি আজি পুৱা মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে৷

ইফালে, ঘটনাটোত জডিত থকাৰ সন্দেহত কালি নিশাই আৰক্ষীয়ে বাগিচাখনৰ দুজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছিল যদিও বিশেষ ক্লু উলিয়াব নোৱাৰি উক্ত দুজন লোককে আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ ইপিনে, আজি পুৱাৰে পৰা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে অঞ্চলটোত বাহৰ পাতি ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখা পৰলৈকে ঘটনাটোৰ সৈতে জডিত কোনো লোককে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কিম্বা ক্লু উলিয়াবলৈ সমর্থ নোহোৱাত ঘটনাটো অধিক ৰহস্যময় কৰি তুলিছে৷

উল্লেখ্য যে কালি দুপৰীয়া লগৰ দুগৰাকী সমনীয়াৰ সৈতে খৰি বিচাৰি বাগিচাৰ মাজত গৈছিল আলিয়া৷ খৰি বিচাৰি থকাৰ সময়তে দুষৃকতিকাৰীয়ে আন দুজনী কণমানি শিশুক খৰি কাটি দি ঘৰলৈ যাবলৈ কয় যদিও আনগৰাকী শিশু আলিয়াক খৰি কাটি দিয়াৰ প্রলোভন দি লগতে ৰাখে৷ সন্ধিয়ালৈকে শিশুটি ঘূৰি নহাত পৰিয়ালৰ লগতে চুবুৰীয়াই অঞ্চলটোত বিচাৰ–খোঁচাৰ কৰি থকা অৱস্থাত শিশুটিৰ বাগিচাখনৰ মাজৰ এটা নলাত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে৷ নলাত জাবৰেৰে পুতি থোৱা মৃতদেহটোৰ ডিঙি কটা অৱস্থাত প্রত্যক্ষ কৰে আৰক্ষীয়ে৷

ইফালে, আজি ঘটনাস্থলী পৰিদর্শন কৰি পোৱা তথ্য অনুসৰি কালি আলিয়াৰ মৃতদেহ নিশা উদ্ধাৰ কৰাৰ পিছত আজি পুৱা মৃতদেহটো পৰি থকা স্থানৰ পৰা প্রায় ২০ মিটাৰ আঁতৰতে এখন পুৰণি কালী থান প্রত্যক্ষ কৰা হয়৷ তাৰ পৰা স্থানীয় একাংশ লোকে শিশুটিক কালি পূর্ণিমা হোৱাত হেতুকে অন্ধবিশ্বাসৰ বশৱর্তী কোনো লোকে দেৱীক সন্তুষ্ট কৰাৰ বাবে বলি দিয়া বুলি সন্দেহ কৰিছে৷ থানখনৰ কাষতে কিছু পূজাৰ সামগ্রীও পৰি থকা প্রত্যক্ষ কৰা হয়৷

ইফালে একাংশই শিশুটিৰ সৈতে যৌন নির্যাতনৰ পিছত হত্যা কৰি দুর্বৃত্তই পলায়ন কৰে বুলিও সন্দেহ কৰিছে৷ আৰক্ষীৰ উচিত তদন্তৰ পিছতহে প্রকৃত তথ্য পোহৰলৈ আহিব বুলি ৰাইজে মত পোষণ কৰিছে৷ শেহতীয়াকৈ জানিব পৰা মতে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ সময়তে বাগিচাৰ মাজত এখন দা উদ্ধাৰ কৰে৷ উক্ত দাখনেৰে দুর্বৃত্তই দলটোৱে কণমানিগৰাকীক নির্মমভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷ স্থানীয় ৰাইজৰ লগতে দল–সংগঠনে ইয়াৰ এক উচিত তদন্তৰ দাবী জনাই দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে৷

You might also like