নলবাৰী আৰক্ষীৰ জালত পৰিল নগদ ধন–পিষ্টলসহ ছয় দুর্ধর্ষ ডকাইত
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বহু চাঞ্চল্যকৰ অময়াপুৰৰ বেংক ডকাইতি কাণ্ডৰ ১০ দুর্ধর্ষ ডকাইতক অৱশেষত নলবাৰী আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আটকাধীন ডকাইতৰ পৰা চাৰিচকীয়া বাহন, দুচকীয়া বাহন, দুটা পিষ্টল, ৮ জজাই সক্রিয় গুলী, ৮টা ম’বাইল, দুই লাখ নগদ ধনকে ধৰি সোণৰ আ–লংকাৰ পর্যন্ত জব্দ কৰিবলৈ সক্ষম হয়৷
প্রাপ্ত তথ্য মতে, যোৱানিশা নলবাৰীৰ উপ–আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু গ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানত ডকাইতৰ বিৰুদ্ধে অভিযান চলাই কামৰূপ জিলাৰ হাজো থানাৰ অন্তর্গত হাৱলাখোৱাৰ ফজল হক (৩৭), হাজো থানাৰ অন্তর্গত চেঁচাৰ নির্মল দাস (৩৪), ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তর্গত নতুন পাণবাৰীৰ কিনাৰাম বসুমতাৰী ওৰফে মোটা, হাজো থানাৰ অন্তর্গত বুল্লুত বজাৰৰ আয়াতুল্লা আলীক (৩৪) নিশা গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, পূর্বে শুৱালকুছি ৰৌমাৰীৰ চায়েদ আলী (২৭), হাজো থানাৰ অন্তর্গত ৩ নং মানাহকুছিৰ ৰুমী পাটোৱাৰী (৩৩), মুকালমুৱা থানাৰ অন্তর্গত পূব হানা পাৰাৰ বাদশ্বাহ আলী (২৯), মুকালমুৱা থানাৰ অন্তর্গত পূব হানাপাৰাৰ কৰণ আলী (৩৭), ৰৌতা থানাৰ অন্তর্গত নিচলামাৰীৰ বাসুদেৱ ব্রহ্ম(২৩) আৰু মুকালমুৱা থানাৰ অন্তর্গত ২নং ঘোগাৰ ৰঞ্জন আলীক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ পঞ্জাব নেচনেল বেংকত দিন–দুপৰতে সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
নলবাৰী–হাজো পথৰ আময়াপুৰ চ’কত থকা পঞ্জাবৱ নেচনেল বেংকৰ শাখাটোত চাৰিজনীয়া বাইকত অহা ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই প্রায় ৬০ লক্ষাধিক টকা লুট কৰি নিয়াৰ লগতে ৰাস্তাত গুলী ফুটাই পলাই যায়৷ ডকাইতৰ গুলীত নয়ন দাস নামৰ এজন গুলীবিদ্ধক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্রেৰণ কৰা হৈছিল৷ এনে লোমহর্ষক ডকাইতি কাণ্ডক লৈ নলবাৰী আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সচেতন মহলে সৰৱ হৈ পৰে৷ ইয়াৰ পিছতেই নলবাৰী আৰক্ষীয়ে ডকাইতৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলে৷ সম্প্রতি নলবাৰী সদৰ থানাত আটাইকেইজন অভিযুক্ত ডকাইতক জেৰা কৰে৷
উল্লেখ্য যে যোৱা ৩০ নৱেম্বৰৰ দিনাও বেংক ডকাইতি কাণ্ডৰ অন্যতম এজন অভিযুক্ত ছায়েড আলীক শুৱালকুছিৰ ৰৌমাৰীৰ পৰা খেদি খেদি নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ এইটো অভিযুক্তৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু নগদ ৫০ হাজাৰ টকা জব্দ কৰিবলৈও সক্ষম হৈছিল৷ এই ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ফজলৰ নেতৃত্বত গুৱাহাটী, ওদালগুৰি, কামৰূপ, নলবাৰী,বৰপেটাকে ধৰি বিভিন্ন ঠাইত সংঘটিত ডকাইতি কাণ্ডত জডিত বুলি আৰক্ষী সূত্রত প্রকাশ৷