নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত ৯০০ কোটিটকীয়া স্কিল ইউনিভার্ছিটী স্থাপনৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ৰাজ্য চৰকাৰে মঙলদৈত স্থাপনৰ দিহা কৰা মঙলদৈ স্কিল ইউনিভার্ছিটী তথা স্কিল চেণ্টাৰত বিনিয়োগৰ বাবে আগ্রহী হৈ পৰিছে জাপান, জার্মানী, দক্ষিণ কোৰিয়াৰ বহু ৰাষ্ট্রীয় প্রতিষ্ঠান৷ জার্মানীৰ কোম্পানী এটাই সদ্যহতে ৩০০ কোটি টকা বিনিয়োগৰ প্রস্তাৱ দিছে৷

আগন্তুক ১৫ দিনৰ ভিতৰত আধাৰশিলা স্থাপন কৰিব লগা কেন্দ্রটোলৈ ইতিমধ্যে দৰং জিলা প্রশাসনে ১০০ বিঘা ভূমি আবণ্টন দিছে আৰু স্থানীয় বিধায়কক প্রশাসনেৰে আলোচনা কৰি আন ২০০ বিঘা মাটি দিহা কৰিব কৈছোঁ৷ কাৰণ ৯০০ কোটিটকীয়া প্রকল্পটো আমি ভবাতকৈ বহু বেছি ডাঙৰ হ’ব৷ –উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভাষ্য এয়া৷

মঙলদৈ গেৰিমাৰীৰ ৰূপহীনগৰত স্থাপন কৰিবলগীয়া দক্ষতা বিকাশ কেন্দ্রৰ বাবে ভূমি পৰিদর্শন কৰিবলৈ আহি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াসহ ভিন্ন বিষয়াৰ সন্মুখত তেওঁ এনেদৰেই প্রকল্পটোৰ ব্যাখ্যা কৰে৷ দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, এডিবিৰ বিষয়া, ৰাজ্য চৰকাৰৰ উদ্যোগ সচিব, ৰাজহ বিভাগৰ কর্মচাৰীৰে দীর্ঘসময় আলোচনা কৰি উপহুপাৰাৰ ঠিক বিপৰীত দিশৰ চাপৰিত কেন্দ্রৰ বাবে ভূমি অধিগ্রহণ তৎকালেই আৰম্ভ হ’ব বুলি কয় তেওঁ৷

You might also like