নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৌচাগাৰেই সাজিব নোৱাৰা কংগ্রেছে কেনেকৈ বনাব মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ‘বিজেপিয়ে কথাৰে নহয়, সদায় কামেৰে পৰিচয় দি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ উন্নয়নৰ বাবে সদায় কাম কৰি আহিছে৷ কংগ্রেছৰ শাসনকালত পিছুৱাই যোৱা দেশ আজি উন্নয়নৰ তীব্র গতিত ঢপলিয়াইছে৷’ –মৰিয়নি বিধানসভা সমষ্টিৰ অন্তর্গত মাইবেলীয়া খেলপথাৰত বিজেপিৰ নির্বাচনী সভাত অংশগ্রহণ কৰি এইদৰে কয় কেন্দ্রীয় বয়ন শিল্পমন্ত্রী স্মৃতি ইৰাণীয়ে৷

কংগ্রেছক কঠোৰ সমালোচনা কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছে দেশখনক বহু পিছুৱাই নিলে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে দেশৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিছে৷ ভাষণত তেওঁ কয়– কংগ্রেছৰ শাসনকালত ত্রয়োদশ বিত্তীয় আয়োগত কেন্দ্রীয় চৰকাৰে অসমৰ বাবে ৬০ হাজাৰ কোটি টকা ধার্য কৰিছিল যদিও তাৰ অধিকাংশ ধন তেতিয়াৰ কেন্দ্রীয় চৰকাৰে মুকলি কৰিয়েই নিদিলে৷ কিন্তু বিজেপিয়ে পঞ্চদশ বিত্তীয় আয়োগত অসমৰ উন্নয়নৰ বাবে ১৭০ হাজাৰ কোটি টকা ধার্য কৰিছে৷ ইয়াৰ অধিকাংশ ধন মোকলাই দিয়া হৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ সামগ্রিক উন্নয়ন হোৱাটো সদায় বিচাৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে কংগ্রেছৰ শাসনকালত অসমৰ চাহ শ্রমিকৰ দৈনিক মজুৰি আছিল ৯৭ টকা৷ কিন্তু বিজেপিয়ে চাহ শ্রমিকৰ দৈনিক মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰিলে৷ অসমত বিশেষকৈ চাহ বাগিচাৰ মহিলাৰ স্বাস্থ্যৰ বাবে অসম চৰকাৰে সুদূৰপ্রসাৰী ব্যৱস্থা হাতত লোৱা বুলি উল্লেখ কৰি তেওঁ কয়– বিনামূলীয়া স্বাস্থ্য সেৱাৰ পৰা বহু মহিলা উপকৃত হৈছে৷ ইপিনে, বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ বাবে সমগ্র দেশতে ২২ কোটি মহিলাক ৩০ হাজাৰ টকাকৈ প্রদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷ বদৰুদ্দিন আজমলৰ নাম উল্লেখ কৰি তেওঁ কয়– কংগ্রেছৰ আদর্শই হৈছে আজমলৰ সৈতে মিতিৰালি কৰা৷

তৰুণ গগৈৰ নাম নোলোৱাকৈয়ে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– এগৰাকী বর্ষীয়ান ৰাজনীতিবিদে ইয়াৰ বিৰোধিতা কৰি আমাৰ মাজৰ পৰা আঁতৰি গ’ল, কিন্তু এতিয়া সেই আজমলৰ সৈতেই কংগ্রেছে মিতিৰালি কৰিছে৷ যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক ঈশ্বৰপ্রসন্ন বৰদলৈয়ে আঁত ধৰা নির্বাচনী প্রচাৰ সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, বিজেপি মহিলা মর্চাৰ ৰাজ্যিক সভানেত্রী অপৰাজিতা ভূঞা, যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস, মৰিয়নিৰ বিজেপিৰ প্রার্থী ৰমণী তাঁতী আদিয়েও বক্তব্য প্রদান কৰে৷

You might also like