নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসালয়ৰ বিসংগতিৰ বাবে দ্বায়িত্বত থকা চিকিৎসকক অন কেমেৰা ধমক উপায়ুক্ত কীৰ্ত্তি জ্বলীৰ

  • শিঙিমাৰী মদেল হাস্পতালত বিনামূলীয়া কিডনী ডায়েলাইচিছ সেৱা মুকলি কামৰূপৰ উপায়ুক্ত কীৰ্ত্তি জ্বলীৰ

নিয়মীয়া বাৰ্তা, ৫ মে’:  জালুকবাৰী সমস্টিৰ অন্তৰ্গত কামৰূপৰ শিঙিমাৰী মদেল হাস্পতাল কালি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্ত্তি জ্বলীয়ে উপস্থিত হৈ চিকিৎসালয়খনৰ কিছু বিসংগতি দেখা পোৱাত চিকিৎসালয়ৰ সহকাৰী অধীক্ষক গৰাকীক টিভি কেমেৰাৰ সন্মুখতে ধমক দিয়ে ৷ উল্লেখ্য যে কামৰূপৰ শিঙিমাৰীত আদৰ্শ চিকিৎসালয়ত অতিৰিক্ত বিনামূলীয়া কিডনী ডায়েলাইচিছ সেৱা কেন্দ্ৰ এটা মুকলিৰ বাবে উপায়ুক্ত গৰাকী চিকিৎসালয়খনত উপস্থিত হওতে এই ঘটনা সংঘটিত হয় । সহকাৰী অধীক্ষক ডা°মনমোহন মড়লে চিকিৎসালয়খনৰ বিসংগতিৰ কাৰণবোৰৰ সঠিক ভাবে উত্তৰ দিব নোৱাৰাত আৰু এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক অৱগত নকৰাৰ বাবে উপায়ুক্ত গৰাকী তেওঁক ধমক দিয়াৰ লগতে এই মাহৰ দৰমহা বন্ধ কৰাৰ উপৰিও বিসংগতিবোৰ দূৰ নোহোৱা পৰ্যন্ত পৰৱৰ্তী ছয় মাহৰ বাবে দৰমহা বন্ধ থাকিব বুলি চিকিৎসক গৰাকীক অৱগত কৰে ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত হিন্দুস্থান কোকা-কোলা প্ৰতিস্থানৰ অৰ্থ সহায়ত অতিৰিক্তভাৱে এই সেৱা মুকলি কৰা অনুস্হানত অংশ লৈ উপায়ুক্ত কীৰ্ত্তি জ্বলীয়ে উক্ত চিকিৎসা সম্পূৰ্ন বিনামূলীয়াকৈ ৰোগী সকলে লাভ কৰিব বুলি উল্লেখ কৰে ৷ তেওঁ পুনৰ কয় যে, মুঠ ৬ টা ডায়েলাইচিছ ইউনিটৰ জৰিয়তে দৈনিক ৬০ গৰাকী ৰোগীয়ে এই সেৱা লাভ কৰিব পাৰিব ৷ ডায়েলাইচিছ যন্ত্ৰ সেৱাটো মুকলি কৰি ৰাইজৰ বাবে উচৰ্গা কৰে উপায়ুক্ত গৰাকীয়ে । তেওঁ শিঙিমাৰি আদৰ্শ চিকিৎসালয়ত সোমবাৰৰ পৰা প্ৰসূতি সেৱা মুকলি কৰা হব বুলিয়ো সভাত ৰাজহুৱা কৰে ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বতৰ পৰিৱৰ্তন কৰ্মী ৰিয়াজ জামান, কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহীতোষ বেনাৰ্জী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি ৷

দিলীপ মেধি, শুৱালকুছি ৷

You might also like