নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গাণনিকৰ দৌৰাত্ম্য; ব্যৱস্থা গ্ৰহণৰ দাবী

  • সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী, চিকিৎসক
  • ভয় ভাবুকি আৰু শাৰীৰিক অত্যাচাৰ কৰা গাণনিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: লখিমপুৰ জিলাৰ ঘিলামৰা সামুহিক চিকিৎসালয়ৰ অন্তগত সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলা কৰ্মচাৰীক স্বাস্থ্য কেন্দ্ৰটোৰ গাণনিক গৰাকীয়ে ভয় ভাবুকিৰে শালীনতা সানি কৰাৰ চেষ্টা কৰাৰ দৰে গুৰুতৰ অভিযোগৰ তথ্য ইতিমধ্যে প্ৰকাশ হৈ অহাৰ পিছতো বিভাগীয় কত্‌পক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত মদগৰ্বী গাণনিক গৰাকীয়ে সেহতীয়াকৈ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক গৰাকীকো অপদস্ত কৰিবলৈ সাহস কৰাত তীব্ৰ ক্ষুভ প্ৰকাশ কৰি অনতিপলমে স্বাস্থ্য কেন্দ্ৰটোৰ গাণনিক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ উত্তেজিত জনতাই ৷ স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে অস্থায়ী ভাবে নিযুক্তি দিয়া হৰিজন গৰাকীক ভয় ভাবুকি আৰু শাৰীৰিক ভাবে প্ৰহাৰ কৰি যৌন নিযাতন চলাবলৈ চেষ্টা কৰাৰ দৰে গুৰুতৰ অভিযোগ উঠা চন্দ্ৰ দলে নামৰ গাণনিক গৰাকীক এই ঘটনাৰ সন্দভত ১৯ ছেপ্তেম্বৰ ২০২২ ত স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিয়ে কাৰ্যনিৰ্বাহক সভা অনুস্থিত কৰি গাণনিক গৰাকীৰ পৰা নগদ ধনৰ ক্ষতিপুৰণ আদায় কৰি মহিলা হৰিজন গৰাকীক দিয়াৰ ব্যৱস্থা কৰি ঘটনা গাপ দিয়াৰ বাবেই পুণৰ ১০ এপ্ৰিলত স্বাস্থ্য কেন্দ্ৰটোৰ নব নিযুক্ত চিকিৎসক গৰাকীক চেক পাটত চহী নকৰাৰ বাবেই অপদস্থ কৰিবলৈ সাহস কৰাৰ দৰে দুঃসাহস কৰাত ক্ষুভৰ বহি প্ৰকাশ ঘটিছে অঞ্চলটোত ৷ ঘটনাৰ সন্দৰ্ভত আজি ( ১১) এপ্ৰিলত পৰিচালনা সমিতিয়ে জৰুৰী ৰাজহুৱা সভা আহ্বান কৰি এনে ধৰণৰ ঘটনা যাতে অদুৰ ভবিষ্যতে সংঘটিত নহয় তাৰ বাবে গাণনিক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অঞ্চলবাসীয়ে ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক মানিক গগৈৰ সভাপতিত্বত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত অনুস্থিত আৰু পৰিচালনা সমিতিৰ সভাপতি হেম চন্দ্ৰ গগৈয়ে আত ধৰা সভাখনত ঘিলামৰা সামুহিক চিকিৎসালয়ৰ উপ অধিক্ষক মন্ত্ৰী ফুকন, মহকুমা স্বাস্থ্য বিষয়া তলসী প্ৰসাদ চুতীয়া, কেকুঁৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক দুস্মন্ত কুম্বাং , সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰুমী বৰুৱা , সংকল্প চন্দ্ৰ , স্বাস্থ্য কেন্দ্ৰটোৰ জি এন এম, এ এন এম , সোণাৰি চাপৰি আাৰু বৰবাৰী লাটৰ লাট গাঁওবুঢ়া আদিৰ লগতে বহু সংখ্যক স্বানীয় লোক উপস্থিত থাকে ৷ ঘটনাৰ সন্দৰ্ভত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অধিক ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে সংঘটিত হব পৰা যি কোনো ঘটনাৰ বাবে মহকুমা প্ৰশাসনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েই জৱাবদিহি হব লাগিব বুলিও সক্ৰিয়াাই দি অনতিপলমে ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠনেও ৷

You might also like