নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত মহা আতংকঃ ২৪ ঘণ্টাত ৭৪ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আশংকা কৰাৰ দৰেই শোণিতপুৰ জিলাত ভয়াৱহ ৰূপ লৈছে ন’ভেল ক’ৰোনাই৷ শোণিতপুৰৰ ভিন্ন প্রান্তত ক্রমাগতভাৱে বৃদ্ধি পোৱা ক’ভিড–১৯ ৰোগীৰ সংখ্যাই গণসংক্রমণৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে৷ কিয়নো জিলাখনত যোৱা ২৪ ঘণ্টাত ৭৪ গৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে ন’ভেল ক’ৰোনাৰ অৱস্থিতি৷ সামৰিক–অর্ধসামৰিক বাহিনীৰ জোৱানকে ধৰি অসামৰিক অঞ্চলতো এতিয়া সৃষ্টি হৈছে ক’ভিড আতংক৷

  শেহতীয়াকৈ এই মহামাৰীত আক্রান্ত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক আৰু ৱার্ড বয়ৰ লগতে চহৰখনৰ স্থায়ী বাসিন্দা এগৰাকী অৱসৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালকো৷ উল্লেখ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজিষ্ট ডাঃ অমৃত শর্মা আৰু ৱার্ড বয় নিপুল দাস ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি কালি নিশা চিনাক্ত হোৱাৰ পাছতে আতংকময় পৰিস্থিতি সৃষ্টি হৈছে চিকিৎসালয়খনত৷ কিয়নো চিকিৎসালয়খনৰ ক’ভিড পৰীক্ষাগাৰৰ লেব টেকনিচিয়ানকে ধৰি পাঁচগৰাকী ইতিমধ্যে ক’ভিডত আক্রান্ত হোৱা বুলি চিনাক্ত হৈছে৷ তেনেস্থলত কালি নিশা চিকিৎসককে ধৰি পুনৰ দুজন লোক এই মহামাৰীত আক্রান্ত হোৱাত স্বাভাৱিকতেই চিন্তিত কৰি তুলিছে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক৷

  আনহাতে, তেজপুৰৰ মাজগাঁও মৰাভৰলী পাৰত বুধবাৰে পুনৰ নতুনকৈ তিনিগৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ অৱস্থিতি৷ উল্লেখ্য যে বহিঃৰাজ্য ফেৰৎ তেজপুৰ মাজগাঁও মৰাভৰলীৰ মূল নিৱাসী অলিন্দা শইকীয়া যোৱা ১৮ জুনত ক’ভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছত যুৱতীগৰাকীক চিকিৎসালয়লৈ প্রেৰণ কৰাৰ সমান্তৰালভাৱে তেওঁৰ গৃহ চৌহদ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে চৌহদটোৰ নিৱাসীসকলৰো ছোৱাব সংগ্রহ কৰিছিল৷ ছোৱাব পৰীক্ষাৰ অন্তত বুধবাৰে অলিন্দা শইকীয়াৰ পিতৃ জ্যেষ্ঠ চিকিৎসক তথা অৱসৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক অতুল শইকীয়াৰ লগতে তেওঁৰ ঘৰৰ ভাৰাতীয়া বিদ্যুৎ বিভাগৰ কনিষ্ট অভিযন্তা ৰূপম শইকীয়া আৰু আই চি আই চি আই বেংকৰ বিষয়া অংশুমান বৰঠাকুৰো ক’ভিড পজিটিভ বুলি চিনাক্ত হয়৷

মন কৰিবলগীয়া যে বুধবাৰে তেজপুৰৰ পৰোৱাস্থিত লহকৰ পেড্র’ল পাম্পৰ গোবিন্দ দাস আৰু ময়ূৰ পেড্র’ল পাম্পৰ সঞ্জয় গুৰুং নামৰ দুজন কর্মচাৰী ক’ভিডত আক্রান্ত হোৱা বুলি চিনাক্ত হোৱাৰ পাছতেই আতংকময় পৰস্থিতি সৃষ্টি হৈছে চহৰখনত৷ কিয়নো এই দুগৰাকী কর্মচাৰীৰ নাই কোনো ভ্রমণ বৃত্তান্ত৷ এনে পৰিপ্রেক্ষিতত গণসংক্রমণৰ ফলতেই এই দুগৰাকী আক্রান্ত হোৱা বুলি চিন্তিত হৈ পৰিছে চহৰবাসীৰ লগতে জিলা প্রশাসন৷ ইয়াৰ উপৰি দিল্লী ফেৰৎ তেজপুৰ চহৰৰ বাৰহলীয়াৰ সৌৰভ দেৱনাথৰ লগতে ৰাজভঁৰালৰ ফইজুল হক, গোটলুঙৰ পিণ্টু দাস, পশ্চিম টৌভঙাৰ বকুল যোগী নামৰ লোকজনো ক’ভিডত আক্রান্ত বুলি চিনাক্ত হৈছে৷ ইয়াৰ উপৰি জিলাখনৰ চাৰিদুৱাৰৰ দুগৰাকী, নবিল জামুগুৰিৰ ৩, ৰঙাপৰাৰ ২, নতুন মিছামাৰীৰ ১, মিছামাৰীৰ ৩, বৰছলাৰ ৩, ঠেলামৰাৰ ২, কেহেৰুখন্দা পথাৰৰ ১জন, বিহগুৰি ভালুকেখোৱাৰ ১জন আৰু বালিপৰা অকাবস্তিৰ ১জন লোক আক্রান্ত হৈছে ক’ভিড–১৯ত৷ লক্ষণীয়ভাৱে জিলাখনৰ সামৰিক আৰু অর্ধসামৰিক বাহিনীৰ ছাডনীসমূহতো আজিৰ দিনটোত যথেষ্টসংখ্যক জোৱানৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে৷

জানিব পৰা মতে, মিছামাৰীস্থিত সেনা ছাউনীত ৩ আৰু বায়ুসেনাৰ এগৰাকী, দেৱেন্দ্র নগৰৰ এছ এছ বিৰ ৯ গৰাকী, বিহগুৰি আই টি বি পি ছাউনীত ৭ গৰাকী, তেজপুৰ গ্রেফত ২গৰাকী জোৱান ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ উপৰি বৃহত্তৰ ঢ়েকীয়াজুলিৰ ভিন্ন প্রান্তৰ ২৩গৰাকীকৈ লোকৰ শৰীৰত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি তেজপুৰৰ লহকৰ পেট্ৰ’ল ডিপো আৰু ময়ূৰ পেড্র’ল ডিপো, ডাঃ অমৃত শর্মা ভাৰাতীয়া হিচাপে থকা মাজগাঁও খৰাআটীৰ বাসগৃহ চৌহদ, নিপুল দাসৰ জামুগুৰিহাটৰ নিজৰ বাসগৃহ আৰু শহুৰেকৰ বাসগৃহ চৌহদ, আয়ুৰছন্দা হাস্পতাল আৰু তেজপুৰ ডায়েগনেছিছ চেণ্টাৰ নামৰ পেথ’লজী দুখনো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰে৷ উল্লেখ্য যে ডক্ত পেথ’লজী প্রতিষ্ঠান দুখনৰ লগত ইতিমধ্যে ক’ৰোনাত আক্রান্ত হোৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক (পেথ’লজিষ্ট) ডাঃ অমৃত শর্মা জডিত আছিল৷

You might also like