নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতীজ্ঞা পূৰণেৰে বিশ্বনাথত মাতৃৰ সোঁৱৰণত এম্বুলেঞ্চ প্ৰদান তিনি পুত্ৰৰ

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ সুদীৰ্ঘ ষোল্ল বছৰৰ পিছত প্ৰতিজ্ঞা পুৰণ এগৰাকী পুত্ৰৰ।চনটো আছিল ২০০৭। সেই বৰ্ষটোৰ জুলাই মাহত হঠাৎ অসুস্থ হৈ পৰিছিল এগৰাকী মাতৃ। লগে লগে ঘৰখনত লাগিল হুৱাদুৱা। পৰিয়ালৰ লোকে বিশ্বনাথৰ চিকিৎসকৰ পৰামৰ্শ মতে লগে লগে তেজপুৰৰ মিছন হাস্পতাললৈ নিবলৈ মাতিলে এখন এম্বুলেঞ্চ। এম্বুলেঞ্চ আহিল যদিও সেই সময়ত সেইখন এম্বুলেঞ্চত অক্সিজেনৰ ব্যৱস্থা নাছিল। চিকিৎসকে অক্সিজেন দি তেজপুৰলৈ নিবলৈ পৰামৰ্শ দিছিল যদিও সেই সময়ত অক্সিজেন থকা এম্বুলেঞ্চৰ অভাৱৰ বাবে অক্সিজেন নোহোৱাকৈ মাতৃ গৰাকীক চিকিৎসাৰ বাবে লৈ গৈছিল তেজপুৰলৈ। কিন্তু যেতিয়া চিকিৎসালয় পালেগৈ তেতিয়া চিকিৎসকে মাতৃগৰাকীৰ মৃত্যু হোৱা বুলি পুত্ৰ তথা পৰিয়ালটোক জানিবলৈ দিয়ে। আনকি চিকিৎসকে কিছু সময়ৰ বাবেও যদি ৰোগীগৰাকীয়ে যাত্ৰা পথত অক্সিজেন পালেহেতেন তেন্তে মৃত্যু নহলহেতেন বুলি জানিবলৈ দিছিল মাতৃগৰাকীৰ তিনি পুত্ৰক। সেই সময়ত মাতৃৰ মৃত্যুৰ খবৰত পুত্ৰ তথা পৰিয়ালটো শোকত ভাগি পৰিছিল যদিও একেবাৰে কনিষ্ঠ পুত্ৰই মনত এটা প্ৰতিজ্ঞা কৰিছিল যে এদিন হ’লেও এখন অক্সিজেন যুক্ত অত্যাধুনিক এম্বুলেঞ্চ বিশ্বনাথৰ ৰাইজৰ বাবে দান দিব যাতে কোনো মাতৃয়ে দূৰলৈ চিকিৎসাৰ বাবে গৈ অক্সিজেনৰ অভাৱত মৃত্যুক সাবটিবলগীয়া নহয়। সুদীৰ্ঘ ১৬ বছৰৰ পিছত সেই দুৰ্ভগীয়া কনিষ্ঠ পুত্ৰৰ প্ৰতিজ্ঞা পুৰণ হ’ল। আজি সেই পুত্ৰই জ্যেষ্ঠ দুই ভাতৃৰ সৈতে এখন অত্যাধুনিক এম্বুলেঞ্চ বিশ্বনাথৰ ৰাইজৰ বাবে প্ৰদান কৰে। আজি বিশ্বনাথ চাৰিআলিৰ খালপাৰা নিবাসী  সুভাষ চন্দ্ৰ গুপ্তাৰ পুত্ৰ বাবলু গুপ্তা আৰু দুই জ্যেষ্ঠ ভাতৃ ক্ৰমে মিথলেশ্বৰ কুমাৰ গুপ্তা আৰু কম্লেশ্বৰ প্ৰসাদ গুপ্তায়ে মাতৃ ললিতা গুপ্তা দেৱীৰ সোঁৱৰণত এম্বুলেঞ্চখন প্ৰদান কৰে। এই উপলক্ষে বিশ্বনাথ মহকুমা স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিশ্বনাথৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড° যোগেন চন্দ্ৰ বে, জিলা প্ৰকল্প সঞ্চালক হৰেণ গগৈ, লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী স্বাস্থ্য বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে এই এম্বুলেঞ্চখন প্ৰদান কৰে বাব্লুয়ে। উল্লেখ্য যে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে এই এম্বুলেঞ্চখন বিশ্বনাথৰ অসম অৰুণাচলৰ সীমান্তৰ বালিচাং মডেল চিকিৎসালয়লৈ প্ৰেৰণ কৰিব যাতে সেই অঞ্চলৰ দৰিদ্ৰ ৰাইজে ইয়াৰ সুবিধা লব পাৰে। ইফালে এই এম্বুলেঞ্চখনৰ চালক বিশ্বনাথৰ স্বাস্থ্য বিভাগে নিযুক্তি দিব আৰু ইন্ধনৰ খৰচ জিলা প্ৰশাসনে ব্যয় কৰিব বুলি উল্লেখ কৰি বাব্লু প্ৰসাদ গুপ্তাই এম্বুলেঞ্চখনৰ সেৱা ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰেৰক জয়ন্ত বৰা

You might also like