নগাৱত উলহ মালহেৰে ষট্ পূজা উদযাপন
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ সমগ্ৰ ৰাজ্য খনৰ লগতে নগাঁও জিলাতো আজি হিন্দীভাষী লোকসকলে ষট্ পূজা উদযাপন কৰে ৷ নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত হিন্দী ভাষী লোকসকলে এই পূজা উলহ-মালহৰে উদযাপন কৰে ৷
প্ৰকৃতি সংৰক্ষণ ,বিভিন্ন ৰোগ -ব্যাধি দূৰ কৰা ,মনোবাঞ্ছা পূৰণ কৰা আদি লক্ষৰে হিন্দী ভাষী লোকসকলে সূৰ্য্য দেৱতাক প্ৰাৰ্থনা কৰে ৷ আজি নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ, ব্ৰহ্মপুত্ৰ নদী, কপিলী, ননৈ, হাৰিয়া, চাপানলা, মিছা, ডিজু আদি নৈত হিন্দীভাষী লোকসকলে বিভিন্ন ফল -মূলকে ধৰি বিভিন্ন সামগ্ৰী পাছিত লৈ নৈত পূজা- অৰ্চনা কৰে ৷
সূৰ্য্যাস্তৰ হোৱাৰ আগে আগে সূৰ্য্য দেৱতাক অৰ্ঘ প্ৰদান কৰে ৷ সূৰ্য্যাস্ত হোৱাৰ লগে লগে ভক্তপ্ৰান লোকসকল ফল-মূল সহিতে নিজ ঘৰলৈ উভতি আহে ৷ কালিলৈ পুৱা সূৰ্য্য উদয় হোৱাৰ আগে আগে অনুৰুপ ধৰনে নৈৰ পানীত নামি সূৰ্য্য দেৱতাক প্ৰনাম জনাব ৷ এই পূজাক কেন্দ্ৰ কৰি নগাঁৱত এক উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ অৱশ্যে কভিড পৰিস্থিতিৰ বাৱে এইবাৰ ষট্ পুজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহ’ল ৷