নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলক প্ৰতিনিধিত্ব কৰা নগাওঁৰ দুই যুৱকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, , ৪ নৱেম্বৰ : চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলে নেপালক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিছে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল অসম তথা নগাঁৱৰ আজমল কবিৰ আৰু আমিৰ হুছেইনক উষ্ম আদৰণি বিধায়ক নুৰুল হুদাৰ।

বহি:ৰাষ্ট্ৰৰ নেপালৰ কাঠমাণ্ডু ৩১ অক্টোবৰত অনুষ্ঠিত হৈছিল চাউথ এছিয়ান গেইমছ।

ভাৰতীয় দলে নেপালক ৩-২ গলত পৰাস্ত কৰি সোণৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ আলিটাঙনী আজমল কবিৰ আৰু উদমাৰী গাঁৱৰ আমিৰ হুছেইন।

স্বৰ্ণ কণ্যা হীমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চল আলিটাঙনীৰ পৰা পুনৰ আন দুজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ সুনাম কঢ়িয়াই অনাত পৰিয়ালটোৰ লগতে অঞ্চলবাসীক উৎফুল্লিত হৈ পৰিছে।

আজি ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাই আজমল কবিৰ আৰু আমিৰ হুছেইনৰ ঘৰত উপস্থিত হৈ আদৰণি জনায়।

You might also like