নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইঞ্জিনচালিত নাওসহ চোৰাং কাঠ জব্দ, ধৃত তিনি সৰবৰাহকাৰী

ব্রহ্মপুত্রৰ বুকুত দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  দক্ষিণ শালমাৰা থানাৰ অন্তর্গত বালাডোবাত আৰক্ষীয়ে অভিযান চলাই তিনিজন চোৰাং কাঠ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে এক নাও চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ দক্ষিণ শালমাৰা থানাৰ সহকাৰী উপ–পৰিদর্শক আহমেদ আলীৰ নেতৃত্বত মঙলবাৰে বিয়লি এক অভিযান চলোৱা হয়৷ বালাডোবা গাঁৱৰ ব্রহ্মপুত্রৰ মাজত আৰক্ষীয়ে গোপন সূত্রৰ আধাৰত চলোৱা অভিযানত চোৰাং শালকাঠ ভর্তি ইঞ্জিনচালিত নাও এখন জব্দ কৰাৰ লগতে তিনিজন কাঠ সৰবৰাহকাৰীক আটক কৰে৷ আৰক্ষীয়ে সোধা–পোছাৰ পাছত তিনিও কাঠ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰি বন বিভাগৰ হাতত গতাই দিয়ে৷ ধৃত সৰবৰাহকাৰীকেইজন্ হ’ল ক্রমে দক্ষিণ শালমাৰা থানাৰ অন্তর্গত ডাৱাকান্দি গাঁৱৰ আব্দুল বাৰেকৰ পুত্র শ্বামিৰ উদ্দিন (৩৫), তাহাজ আলীৰ পুত্র বাছিদুল ইছলাম (২৫) আৰু ৰাছিদুল ইছলাম (২২)৷

You might also like