এছ পি বৰুৱাৰ বঙাইগাঁও শোধনাগাৰ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ সিদ্ধাৰ্থপ্ৰতিম বৰুৱাই আজি বঙাইগাঁও শোধনাগাৰ চমুকৈ বিজিআৰ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। অসম ইঞ্জিনীয়াৰিং কলেজৰ কেমিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক বৰুৱাই ১৯৮৬ চনত ভাৰতীয় তেল নিগমত যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলিছিল।
অইল ৰিফাইনিং আৰু মাৰ্কেটিং ছেক্টৰত ৩৪ বছৰৰো অধিক কাল চাকৰি কৰাৰ অভিজ্ঞতাৰে পুষ্ট বৰুৱাৰ ভাৰতীয় তেল নিগমৰ উৎপাদন, কাৰিকৰী সেৱা, স্বাস্থ্য সুৰক্ষা আৰু পৰিৱেশ, প্ৰকল্প আদি বিভিন্ন ক্ষেত্ৰতো সফলতাৰে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে। উল্লেখ্য যে কালি বঙাইগাঁও শোধনাগাৰটোৰ প্ৰধান হিচাপে দায়িত্ব পালন কৰি থকা অমৰেন্দ্ৰ কলিতাই অৱসৰ গ্ৰহণ কৰাত আজি মুখ্য মহা প্ৰৱন্ধক এছ পি বৰুৱাই বিজিআৰ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰে।