নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনাৰামচৌকাত এছপি সুশান্ত বিশ্ব শর্মাক ৰাজহুৱা সম্বর্ধনা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ দক্ষিণ–পূব বাংলাদেশৰ চিতাগঙৰ ফেণী কেন্দ্রীয় কাৰাগাৰত ৪ বছৰৰোধিক কালবন্দী হৈ থকা মুকুল হাজৰিকা মঙলদৈলৈ অনাত মুখ্য ভূমিকা লোৱা দৰঙৰ আৰক্ষী অধীক্ষকক বুধবাৰে ৰাইজে সম্বর্ধনা জনায়৷ কৃতজ্ঞ ৰাইজৰ হৈ স্থানীয় প্রতীক্ষা এনজিঅ’ আৰু ধোপৰতল শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে এখন সভাৰ আয়োজন কৰে৷ সভাত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ উপৰি মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়া, সাংবাদিক হিতেশ হাজৰিকা, ভার্গৱ কুমাৰ দাস আৰু দিগন্ত কুমাৰ শর্মাক সম্বর্ধনা জনায়৷ ৰাইজে এইসকলৰ প্রচেষ্টা, অধীক্ষক শর্মাই নিজা গাঁঠিৰ ধন ভাঙি মাহজোৰাকৈ চলোৱা ধাৰাবাহিক প্রয়াসৰ বাবেই দৰঙৰ যুৱক মুকুল হাজৰিকা নিজাঘৰত উপস্থিত হোৱা বুলি প্রকাশ কৰে৷

দৰং আছুৰ প্রাক্তন সভাপতি শৰৎ ডেকাই আঁতধৰা সভাত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই চমু ভাষণত কয় যে দৰঙত যোগদানৰ পাছত তেওঁ লোৱা ক্ষুদ্র প্রচেষ্টাৰ বাবে এখন ঘৰত হঁাহি, আনন্দ বিৰিঙি উঠাত তেওঁ সুখী৷ এতিয়া মুকুলক ঘৰৰ পৰিৱেশত কিছুদিন জিৰণি লৈ প্রয়োজনবোধে ব্যৱস্থা লোৱাৰ তেওঁ পোষকতা কৰে৷ সভাত প্রতীক্ষা এনজি’ৰ সভাপতি বসন্ত দেৱ গোস্বামীয়ে কয় যে মুখ্যমন্ত্রীৰ সুযোগ্য ভাতৃ সুশান্ত বিশ্ব শর্মা এগৰাকী ব্যতিক্রমী আৰু মানুহৰ হিতার্থে পদক্ষেপ লৈ জিলাৰ নেতৃত্ব লোৱা ব্যক্তি৷ তেওঁ দৰঙৰ দায়িত্ব লোৱাটো একপ্রকাৰ আশীর্বাদ স্বৰূপ৷ সভাত মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াই কয় যে মঙলদৈত যোগদানৰ পাছতে অসম আৰক্ষীৰ মূলমন্ত্র জনহিতার্থে, জনসেৱার্থে এই আপ্তবাক্যষাৰ মানি দায়িত্ব পালনৰ বাবে অধীক্ষকে পৰামর্শ দিছিল৷ আজিও ৰাউণ্ড দ্য ক্লক সেই দায়িত্বই পালন কৰি আহিছে৷

দৰং জিলা পৰিষদৰ সদস্য দুর্লভ শর্মা আৰু আব্দুল্লা শ্বেখ উপস্থিত থকা সভাত জ্যেষ্ঠ সাংবাদিক ভার্গৱ কুমাৰ দাসে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মা ২০০৫ চনৰে পৰা দৰঙৰে সংপৃক্ত ব্যক্তি হিচাপে অভিহিত কৰি তেওঁ দৰঙৰ ক্রীডা আৰু সামাজিক ক্ষেত্রত জডিত থকাৰ বিষয়ে ব্যাখ্যা কৰে৷ ৩ শতাধিক স্থানীয় লোক উপস্থিত থকা সভাৰ শেষত সকলোৱে সুশান্ত বিশ্ব শর্মা তথা তেওঁৰ পৰিয়ালৰ উত্তৰোত্তৰ কামনা কৰি ৰাজহুৱা আশীর্বাদ দিয়ে৷ ইপিনে, সভা সামৰি আৰক্ষী অধীক্ষকগৰাকীয়ে বাংলাদেশৰ পৰা প্রত্যাৱর্তন কৰা মুকুল হাজৰিকাক সাক্ষাৎ কৰে৷ মুকুলৰ মাতৃ বিমলা হাজৰিকা, পত্নী কাঞ্চন হাজৰিকা আৰু ভগ্ণী মামণি নাথে অধীক্ষক শর্মা উপস্থিত হোৱাৰ পাছতে চৰণত ধৰি প্রণিপাত জনাই কৃতজ্ঞতা প্রকাশ কৰে৷ তাৎপর্যপূর্ণ যে ২৪ ঘণ্টাৰ অন্তত মুকুলৰ শাৰীৰিক আৰু মানসিক দিশত ভালেখিনি পৰিৱর্তন পৰিলক্ষিত হৈছে৷ কালি কাৰো সৈতে বার্তালাপ নকৰা মুকুলে আজি চোতালত তৰি থোৱা অস্থায়ী ৰভাৰ তলত বহি সাক্ষাৎ কৰিব অহা প্রতিজনকে মাত দিছে৷ কেৱল বাংলাদেশ গমন আৰু তাত হোৱা নির্যাতনৰ কথা শুনিলেই মাত হেৰায় বুলি মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকাই প্রকাশ কৰিছে৷

You might also like