বিটিচিৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত তথা কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন । কোকৰাঝাৰস্থিত বিটিচিৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন ৷ কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া এই অধিবেশনক লৈ আজি বিয়লি বিটিচিৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। পিছত সংবাদমাধ্যমৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে অহা নৱেম্বৰ নতুবা ডিচেম্বৰ মাহত কোকৰাঝাৰত অসম বিধানসভাৰ শীতকালীন অধিবেশন অনুষ্ঠিত হ’ব। অধিবেশনখন প্ৰায় এসপ্তাহ ধৰি চলাৰ সম্ভাৱনা ব্যক্ত কৰিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সকলো ঠিক- ঠাক কৰা হ’ব বুলি কয় দৈমাৰীয়ে ৷ ইপিনে মন্ত্ৰী -বিধায়ক আৰু বিষয়া সকলক ৰখাৰ বাবে কোকৰাঝাৰত সুব্যৱস্থা আছে বুলি সদৰি কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে মন্ত্ৰী বিধায়কক স্থানীয় লোকে মন্ত্ৰী-বিধায়কৰ ইচ্ছাসাপেক্ষে আলহী হিচাপেও ৰাখিব পাৰিব। অধিবেশনকালিন সময়ছোৱাত অসম বিধানসভাৰ সদস্যসকলক স্থানীয় কলা-কৃষ্টি -সংস্কৃতিৰ বিষয়ে অৱগত কৰোৱা হ’ব বুলি সদৰি কৰি বিশ্বজিত দৈমাৰীয়ে কয় যে স্থানীয় বিভিন্ন পৰ্যটনথলীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো পৰিভ্ৰমন কৰিব পাৰিব মন্ত্ৰী বিধায়কসকলে । স্থানীয় লোকক বিধানসভাৰ কাৰ্যপ্ৰণালী প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে মুখ্যমন্ত্ৰী , মন্ত্ৰী , বিধায়ক সকলোৱে অধিবেশন চলি থকা দিন কেইটাত কোকৰাঝাৰৰ পৰাই অধিবেশনৰ লগতে অসম সচিবালয়ৰ কাম-কাজ বিটিচি সচিবালয়ৰ পৰাই চলাই থাকিব বুলি বিশ্বজিৎ দৈমাৰীয়ে সদৰি কৰিছে ৷ উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শনৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিটিচি সচিবালয়ৰ প্ৰশাসনিক বিষয়াসকলৰ সতে সচিবালয়ত এক বৈঠকত মিলিত হয় ৷
শুকুৰ আকন্দ, কোকৰাঝাৰ