শুৱালকুছিৰ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্য দেখি অভিভূত ৰাজ্যৰ ক্ৰীড়া আয়ুক্ত সিদ্ধাৰ্থ সিং
নিৰ্মাণকাৰী সংস্হাক শীঘ্ৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ আহ্বান ক্ৰীড়া আয়ুক্তৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: প্ৰায় ত্ৰিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলাই থকা জালুকবাৰী সমষ্টিৰ ’শুৱালকুছিৰ ক্ৰীড়া প্ৰকল্প’ৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্য আজি শুৱালকুছিত উপস্হিত হয় ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সিদ্ধাৰ্থ সিং ৷ তেওঁ ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ পিছত নিৰ্মাণকাৰী সংস্হা গৌতম কন্ট্ৰাকচনৰ দ্বায়িত্বত থকা কৰ্মকৰ্তাসকলৰ লগত ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বুজ লয় ৷ আয়ুক্ত গৰাকীয়ে প্লেন ইস্টিমেট আৰু দ্ৰয়িং অনুযায়ী নিৰ্মাণকাৰ্য হৈছে নে নাই তাক পৰ্যবেক্ষণ কৰে আৰু ক্ৰীড়া প্ৰকল্পৰ চৌদিশ পৰিভ্ৰমণ কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয় ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ দৰ্শকৰ বাবে আসনৰ সংখ্যা পাচঁ হাজাৰলৈ ব্দ্ধি কৰাৰ বিষয়টো সন্দৰ্ভতো নিৰ্মাণকাৰী সংস্হাৰ লগত আলোচনা কৰি এই সন্দৰ্ভত প্ৰয়োজনীয় প্লেন ইস্টিমেট অতি সোনকালে সংশ্লিষ্ট কৰ্ত্পক্ষ জমা দিবলৈ কয় ৷ আয়ুক্তগৰাকীয়ে পাৰ্কিং ব্যৱস্থাটো ক’ত কেনেদৰে হব তাৰো বুজ লয় ৷ তেওঁ ক্ৰীড়া প্ৰকল্পৰ প্ৰৱেশ দ্বাৰ সমুহ ক’ত কেনেদৰে হব তাকো পৰ্যবেক্ষণ কৰে ৷ প্ৰয়োজনবোধ তেওঁ অতিৰিক্ত প্ৰৱেশ দ্বাৰৰো ব্যৱস্থা কৰিবলৈ জনায় ৷ আয়ুক্তগৰাকীয়ে ক্ৰীড়া প্ৰকল্পত কি কি খেলৰ ব্যৱস্থা থাকিব তাক কামৰূপৰ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাৰ পৰা জানিব বিচৰাত জিলা ক্ৰীড়া বিষয়াগৰাকীয়ে ক্ৰীড়া প্ৰকল্পত অন্তভুৰ্ক্ত হব লগা খেল সমুহৰ বিষয়ে বিষদভাৱে বিৱৰি কয় ৷
বিশেষকৈ চাৰিশ মিটাৰ ট্ৰেক, এথলেটিকচ্, ফুটবল, ভলীবল, হেণ্ডবল, বাস্কেট বল, টেবুল টেনিছ, বেডমিণ্টন আদি ৷ আয়ুক্ত সিদ্ধাৰ্থ সিঙে ক্ৰীড়া প্ৰকল্পৰ দ্ৰুতগতিত চলি থকা নিৰ্মাণ কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে নিৰ্মাণ কাৰ্যৰ অন্ত পেলাই অঞ্চলটোত এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ গঢ়াত সহযোগিতা আগবঢ়ালৈ আহ্বান জনায় ৷ নিৰ্মাণকাৰী সংস্হাটোৱে ২০২২ চনৰ মাৰ্চ- এপ্ৰিলৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি আয়ুক্ত গৰাকীৰ আগত অৱগত কৰে ৷ আয়ুক্তগৰাকীক শুৱালকুছিৰ কেইবাটিও ক্ৰীড়ানুস্ঠানে ফুলাম গামোচাৰে আদৰণি জনায় ৷
শুৱালকুছিৰ পৰা ক্ৰীড়া আয়ুক্তগৰাকীয়ে পোনে পোনে আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত উপস্থিত হয় ৷ ইন্দোৰ ষ্টেডিয়ামখন পৰিদৰ্শন কৰি তেওঁ ষ্টেডিয়ামখনৰ কৰিবলগীয়া নিৰ্মাণৰ কামকাজ সমুহ শীঘ্ৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলক নিৰ্দেশ দিয়ে ৷ আয়ুক্তগৰাকীয়ে শুৱালকুছি ক্ৰীড়া প্ৰকল্পত পৰিদৰ্শনৰ সময়ত কামৰূপৰ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, মহকুমা ক্ৰীড়া বিষয়া চন্দ্ৰ তালুকদাৰ, শাৰীৰিক শিক্ষা নিৰ্দেশক পংকজ ভৰালী, দিলীপ মেধিৰ লগতে লোক নিৰ্মাণ বিভাগৰ কেবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷
Input: দিলীপ মেধি, শুৱালকুছি