নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ মহানৱমীঃ গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত হ’ব ম’হ বলি

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  ৰজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হৈছে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৷ ইতিহাসপ্ৰসিদ্ধ এই
দেৱালয় খনত মৃন্ময় মূৰ্ত্তি অবিহনে জাকজমকতা বিহীন ভাবে  পূজা হৈ আহিছে তাহানিৰ বিজনী ৰজা কুমুদ নাৰায়নৰ দিনৰে পৰা ৷ ১৭০০ শতিকাত কুমুদ নাৰায়ণে দেৱালয় খনত আৰম্ভ কৰিছিল শাৰদীয় দুৰ্গা পূজাৰ ৷তেতিয়াৰ পৰা আজিলৈকে ৰাজা দিনীয়া ৰীতি নীতিৰে হয় এই পূজা৷

কাইলৈ মহানৱমী উপলক্ষে পৰম্পৰাগত অনুসৰি অনুষ্ঠিত হব বলি বিধান ৷ ম’হ, ছাগলী, হাঁহ,পাৰ আদি বলি দিয়া হ’ব৷ ম’হ বলিৰ দিনা ভক্তৰ সমাগমৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ গ্ৰহন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ মন্দিৰত ভক্তই প্ৰৱেশ কৰিয়ে পুজা সমাপন কৰি আতৰি যাব লাগিব ৷ কোনো ভক্তকে বেছি সময় ধৰি মন্দিৰ চৌহদত থাকিবলৈ নিদিব ৷

উল্লেখ্য যে, শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয় বান্দৰৰ ৰাজ্য হিচাপে খ্যাত ৷ বান্দৰৰ ৰজাৰ নিৰ্দেশত পৰিচালিত হয় টুক্ৰেশ্বৰীৰ বান্দৰ সমাজ ৷ তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই দেৱালয়ত দেৱী দুৰ্গাক পুজা অৰ্চনা কৰি অহা হৈছে ৷ মহানৱমীৰ দিনা হোৱা ম’হবলিৰ ৰক্ত পান কৰে শ্ৰী টুক্ৰেশ্বৰীৰ কপিকূলে ৷ ইতিমধ্যে ৰক্তপানৰ বাবে সাজু কপিকূল ৷

উদিত নাৰায়ণ কলিতা, গোৱালপাৰা

You might also like