নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীমন্ত শংকৰদেৱ মহোৎসৱক লৈ লোকাৰণ্য বটদ্রৱা

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সহযোগত প্রথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্রৱাত অনুষ্ঠিত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ মহোৎসৱৰ কালি দ্বিতীয়টো দিন৷ ৰাষ্ট্রীয় পর্যায়ত তিনিদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত আজি বটদ্রৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া নৰোৱা কুঁজিসত্র, নৰোৱা বালিসত্র, ভেটিয়নী নাতি আতা সত্র, ন–সত্র, আউনীআটী সত্রকেপ্রমুখ্য কৰি সাতখন ঐতিহ্যমণ্ডিত সত্রত একেলগে আৰম্ভ হয় মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ মহোৎসৱৰ সত্রকৃষ্টিৰ বর্ণিল কার্যসূচী৷ পুৱাৰ ভাগত বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রী নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ধর্মধ্বজা উত্তোলন আৰু শ্রীশ্রী শ’লগুৰি সত্রৰ সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱ মহন্তই বন্তি প্রজ্বলন কৰে৷

ৰাজ্য তথা দেশৰ বিভিন্ন প্রান্তৰ শিল্পী, সাহিত্যিক, কবি, চিত্রশিল্পী, গৱেষকসকলৰ লগতে উপস্থিত হয় ভকত বৈষ্ণৱৰ লগতে তীর্থযাত্রীসকল৷ হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে লোকাৰণ্য হৈ পৰে বটদ্রৱা৷ কৃষ্ণভক্তিৰ নান্দনিক পৰিৱেশ্য কলাই মুগ্ধ কৰে শ শ ভক্তপ্রাণ ৰাইজক৷ থলুৱা শিল্পকলাৰ প্রদর্শনী আৰু গ্রন্থৰ বিপণীসমূহেও আকৃষ্ট কৰে ভক্তসকলক৷ আকাশী গংগাৰ তীৰৰ আই খেৰসুঁতি সাংস্কৃতিক মঞ্চত বৰগীত, ভোৰতাল, দিহানাম, সত্রীয়া নৃত্য, ভাওনা, অস্থায়ী নামঘৰত ভাগৱত পাঠ আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়৷ মাধৱ সাংস্কৃতিক ন্যাসৰ হৈ সাংস্কৃতিক প্রমুখ ৰাজীৱ বৰঠাকুৰে আঁতধৰা অনুষ্ঠানত উত্তৰ কাছাৰ জিলা, কৰিমগঞ্জ, প্রসেনজিৎ ৰায়চৌধুৰী, সুখদেৱ বিশ্বাস, নিমিয়া গামে, ড০ দিপেন মজুমদাৰ, অভিনেতা নয়ন নির্বান বৰুৱা, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন চিত্রশিল্পী ড০ সুজিত দাস, চিত্রশিল্পী টিকেন্দ্রজিৎ শইকীয়া, ধনপদ গৰাক, লক্ষ্মী নাৰায়ণ ভালা, সত্রাধিকাৰ ৰিজু পাঠক, কমল শইকীয়া প্রমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে৷ আনহাতে গংগাৰ পাৰৰ অস্থায়ী মঞ্চত অনুষ্ঠিত কবি সন্মিলনত দুই শতাধিক কবিৰ শংকৰদেৱৰ জীৱন দর্শনবিষয়ক কবিতা পাঠ কৰে৷

দেশৰ বিভিন্ন প্রান্তৰ শতাধিক শিল্পীয়ে কেনভাছত শংকৰী চিত্রশিল্প অংকন কৰাৰ লগতে বিভিন্ন কার্যসূচীৰে জীপাল হৈ পৰে শংকৰদেৱ মহোৎসৱ৷ মহোৎসৱৰ সাংস্কৃতিক বর্ণিল পৰিক্রমাত উত্তৰ কাছাৰ, কৰিমগঞ্জ, শিৱসাগৰ, যোৰহাট, ধেমাজি, শোণিতপুৰ, কোকৰাঝাৰ, মণিপুৰ, ত্রিপুৰা, বডো, কার্বি, তিৱা জনগোষ্ঠীয় শিল্পীৰ অংশগ্রহণ মন কৰিবলগীয়া দিশ আছিল৷ কবি সন্মিলনত কবি প্রদীপ শইকীয়া, দিলীপ কুমাৰ নাথ, মদাৰজ্যোতি, সঞ্জীৱ সাগৰ চৌধুৰী, ৰাজীৱ বৰুৱা, ৰাহুল দেৱ বৰদলৈ, দ্বীপজ্যোতি কাকতি, ধন দাস, পৱন শর্মা, কন্দর্প কলিতা, লখিমী মহন্ত, জগবন্ধু কলিতা, বন্দনা ঠাকুৰীয়া, কৰবী লিগিৰা প্রমুখ্যে কেইবাগৰাকী কবি উপস্থিত থাকে৷ পৰিবেশ সুৰক্ষাৰ সজাগতাৰ বাবে পদক্ষেপ গ্রহণৰ ক্ষেত্রত শংকৰদেৱ মহোৎসৱত ৰাইজক প্লাষ্টিকৰ পৰিৱর্তে মাটিৰ পাত্র আৰু কলপাতত ভোজনৰ ব্যৱস্থা কৰা হয়৷

You might also like