শ্রীৰামপুৰত ক’ভিডৰ বাবে উন্মুক্ত দুৱাৰ
নিয়মীয়া বাৰ্তা ৬ মেঃ বংগ সীমান্তৰ শ্রীৰামপুৰেৰে ৰেপিড এণ্টিজেন টেষ্ট অবিহনে ৰাজ্যত প্রৱেশ কৰিছে বহিঃৰাজ্যৰ হাজাৰ হাজাৰ যাত্রী৷ প্রাপ্ত তথ্য মতে, যোৱা ১ মে’ৰ পৰা শ্রীৰামপুৰস্থিত ক’ৰোনা পৰীক্ষা কেন্দ্রটোত ৰেপিড এণ্টিজেন টেষ্ট কিট নথকাত বহিঃৰাজ্যৰ যাত্রীসকলৰ নাম–ঠিকনা সংগ্রহ কৰি অকল থার্মেল স্কেনিংযোগে দেহৰ উষ্ণতা জুখিয়ে ৰাজ্যৰ বিভিন্ন প্রান্তলৈ যাবলৈ দিয়া হৈছে৷ পৰীক্ষণ কেন্দ্রটোত নিয়োজিত স্বাস্থ্যকর্মীৰ পৰা জানিব পৰা মতে, পৰীক্ষণ কেন্দ্রটোত যোৱা ১ মে’ৰ পৰা প্রয়োজনীয় ৰেপিড এণ্টিজেন টেষ্ট কিট নথকাৰ ফলত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্রীসকলক অকল ডাটা এণ্ড্রী আৰু থার্মেল স্কেনাৰ মিটাৰযোগে জ্বৰ পৰীক্ষা কৰি যাবলৈ দিয়া হৈছে৷
স্বাস্থ্যকর্মীসকলে উল্লেখ কৰা মতে, যোৱা ২৪ এপ্রিলৰ পৰা ৩০ এপ্রিললৈ উক্ত শ্রীৰামপুৰস্থিত ক’ৰোনা পৰীক্ষণ কেন্দ্রটোত বহিঃৰাজ্যৰ পৰা অসমত প্রৱেশ কৰা ১,১৭২খন বাহনৰ ১০,৯৭৯গৰাকী যাত্রীৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে ভিতৰত ১৭৭গৰাকী ব্যক্তিৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ তেনেস্থলত যোৱা ১ মে’ৰ পৰা আজিলৈ পাঁচদিনে পৰীক্ষণ কেন্দ্রটোত ৰেপিড এণ্টিজেন টেষ্ট কিটৰ অভাৱত স্বাস্থ্যকর্মীসকলে অকল থার্মেল স্কেনিং মিটাৰযোগে দেহৰ উষ্ণতা জুখিয়ে ৰাজ্যত প্রৱেশ কৰিবলৈ দিয়াত সম্প্রতি ৰাজ্যবাসী ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ঘনীভূত হৈছে৷
আনহাতে বুধবাৰে কোকৰাঝাৰ জিলাত ৰেপিড এণ্টিজেন টেষ্টৰ যোগেদি মুঠ ২৮গৰাকী লোকক ক’ৰোনা পজিটিভৰূপে চিনাক্ত কৰা হৈছে৷ সম্প্রতি কোকৰাঝাৰ জিলাত মুঠ ১৯৯গৰাকী সক্রিয় ক’ৰোনা পজিটিভ লোকৰ ভিতৰত ৩গৰাকীক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰাৰ উপৰি ৩৬গৰাকী কোকৰাঝাৰ আৰু ছেৰফাংগুৰিৰ অসামৰিক হাস্পতালত ভর্তি হৈ আছে৷