নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত এছ এছ বিৰ অভিযানত বন্দুক-বিস্ফোৰকসহ তিনিজনক আটক

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ:সীমা সুৰক্ষা বল চমুকৈ এছ এছ বিৰ ১৫ নং বেটেলিয়নে অভিযান চলাই চিৰাঙত ৩ জন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত ১৫ নং বেটেলিয়ন এছ এছ বিৰ কয়লাময়লা সীমা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আজি পুৱা কয়লাময়লা থানাৰ অন্তৰ্গত পূৰ্ণীয়া বজাৰত এই অভিযান চলোৱা হৈছিল। বজাৰ খনৰ এখন দোকানত মজুত কৰি ৰখা অৱস্থাত মেঠোনৰ শুকান মঙহ ১০০ কিলোগ্ৰাম, ধনেশ পক্ষীৰ ঠোঁট ২টা উদ্ধাৰ কৰাৰ লগতে বন্য প্ৰাণীৰ চোৰাং চিকাৰ তথা জীৱ-জন্তুৰ মঙহ, অংগ-প্ৰত্যংগ আদিৰ চোৰাং ব্যৱসায়ত জড়িত এজন নাবালকৰ সৈতে মুঠ ৩ জনক আটক কৰে। পাছত আটক কৰা লোক কেইজনৰ জিম্মাৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক, ৮ জাঁই সক্ৰিয় গুলী, গান পাউদাৰ ২০ গ্ৰাম আৰু ২ পাত কাঁড় উদ্ধাৰ কৰি জব্দ কৰে। নাবালক জনৰ সৈতে আটক কৰা লোক দুজনক ক্ৰমে বুধিৰাম বসুমতাৰী(৫৬) আৰু ডিচেম্বৰ মহিলাৰী(১৮) বুলি চিনাক্ত কৰা হৈছে। তিনিও জনৰ ঘৰ ২নং থাইগিৰগুৰী গাঁৱত বুলি জানিব পৰা গৈছে। এছ এছ বিয়ে পাছত উদ্ধাৰ কৰা সামগ্ৰী আৰু চোৰাং চিকাৰী কেইজনক কয়লাময়লাস্থিত বন বিভাগৰ কাৰ্যালয়ত গতাই দিয়ে।

প্ৰেৰক বিপুল কুমাৰ দাস, বৰ্ণালী তালুকদাৰ

You might also like