স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত উত্তাল ডিফু
৩৬ বছৰ আন্দোলন অব্যাহত ৰখাৰ পিছতো কেন্দ্রই গুৰুত্ব নিদিয়াত ক্ষোভ এএছডিচিৰ
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অসমৰ তিনিওখন পার্বত্য জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত এ এছ ডি চিৰ উদ্যোগত আজি ডিফু চহৰত বৃহৎ ধর্ণা কার্যসূচী ৰূপায়ণ কৰা হয়৷ এ এছ ডি চি, কার্বি ছাত্র সন্থা আৰু কার্বি নিমচ’ চিংথুৰ আছঙৰ উদ্যোগত আজি দিনৰ প্রায় এঘাৰ বজাত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সন্মুখত সহস্রাধিক প্রতিবাদকাৰী সমৱেত হৈ ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰা ৰূপায়ণ কৰাৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি এ এছ ডি চিৰ সভাপতি চন্দ্রকান্ত তেৰাঙে ভাৰতীয় সংবিধানৰ আধাৰত অসমক দ্বিখণ্ডিত নকৰাকৈ পার্বত্য জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত সুদীর্ঘ ৩৪ বছৰ আন্দোলন অব্যাহত ৰখাৰ পিছতো কেন্দ্রীয় চৰকাৰে এই দাবী পূৰণ কৰাৰ ক্ষেত্রত কোনো সদিচ্ছা প্রদর্শন কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে৷ কেন্দ্রত চৰকাৰ গঠন কৰা প্রতিটো দলেই পার্বত্য জিলাবাসীক স্বায়ত্ত শাসনৰ প্রতিশ্রুতি প্রদান কৰাৰ পিছতো কার্যকৰী নকৰিলে বুলি আক্ষেপ প্রকাশ কৰি সদনত শীঘ্রে বিষয়টো উত্থাপন কৰি ইয়াক কার্যকৰী কৰাৰ বাবে দাবী জনায়৷ লগতে ২০১১ চনত ইউ পি ডি এছৰ সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ সকলো বিষয় কার্যকৰী কৰাৰ লগতে কে এল এন এল এফকে ধৰি অন্য বিদ্রোহী সংগঠনৰ সৈতে শীঘ্রে শান্তি আলোচনা প্রক্রিয়াৰ সু–সমাধানৰ দাবী জনায়৷ এ এছ ডি চিৰ সাধাৰণ সম্পাদক তথা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য জৎছন বে’ই সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদ কার্যকৰীকৰণৰ বাবে হেঁচা প্রয়োগ কৰাৰ উদ্দেশ্যে এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা বুলি জানিবলৈ দি যিকোনো মূল্যৰ বিনিময়ত কেন্দ্রীয় চৰকাৰক স্বায়ত্তশাসিত ৰাজ্য প্রদানৰ বাবে বাধ্য কৰিব লাগিব বুলি মন্তব্য কৰে৷ কার্বি আংলঙৰ সশস্ত্র বিদ্রোহী সংগঠন কে এল এন এল এফক শান্তি আলোচনাৰ নামত প্রৱঞ্চনা কৰি অহা বুলি অভিযোগ কৰি ইউ পি ডি এছৰ সৈতে শান্তি চুক্তিৰ সকলো দফা ৰূপায়ণৰ দাবী জনায়৷ কে এন চি এৰ সভানেত্রী কাজেক টকবিপীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ প্রতিবাদকাৰীসকলে লগতে হাতে হাতে বিভিন্ন শ্লোগানসম্বলিত প্লেকার্ড প্রদর্শন কৰি ‘ন’ অট’ন’মাছ ষ্টেট ন’ ৰেষ্ট’, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী পূৰণ কৰক’, ‘ ইউ পি ডি এছৰে হোৱা শান্তি চুক্তিৰ সকলো দফা ৰূপায়ণ কৰক’, ‘ কে এল এন এল এফৰে শান্তি চুক্তি স্বাক্ষৰ কৰক’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ পিছত প্রতিবাদকাৰীসকলে সমদল কৰি গৈ সকলো দাবী শীঘ্রে পূৰণৰ বাবে উপায়ুক্তৰ জৰিয়তে গৃহমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷